ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় ‘জুডিমা’ই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো পৰম্পৰাগত পানীয় হিচাপে ভৌগলিক স্বীকৃতি লাভ কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে দীৰ্ঘদিনৰ গৱেষণাৰ আৰু পৰ্যবেক্ষণৰ পাছত ২০১৯ বৰ্ষত জনোৱা আবেদনৰ ভিত্তিত এই স্বীকৃতি লাভ কৰিছে । থলুৱা চাউলৰ সৈতে একেছীয়া পাতৰ লগতে আৰু বহু ঔষধি উদ্ভিদ তথা বন- বাতৰ সংমিশ্ৰণৰ জৰিয়তে স্বকীয় গুণসম্পন্ন এই জুডিমা নামৰ পানীয়বিধ প্ৰস্তুত কৰা হয় ।অসম কৃষি বিশ্ববিদ্যালয়ে য়াডেম নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত ‘ডিমাজিক হাছাও ‘নামৰ এটা মহিলা গোটৰ জৰিয়তে আবেদন জনাই পৰম্পৰাগতভাবে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে । ইয়াৰ ফলত এই পানীয়বিধৰ বাবে স্থায়ী ল’গ অনুমোদিত হোৱাৰ লগতে বিপণনৰ বাবে নিদিষ্ট অনুমোদন লব লাগিব । উল্লেখ্য যে এই জুডিমা পানীয়বিধ মুলত মহিলা সকলে তৈয়াৰ কৰে ।কাৰ্বি আংলঙ আৰু ডিমা হাছাও জিলাৰ বিশেষ অঞ্চলত এই একাছিয়া পাত বিশেষভাবে উপলব্ধ বাবে এই জিলা দুখনৰ মহিলা সকল ইয়াৰ প্ৰস্তুতিৰ লগত জড়িত ।অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষক ড° কিশোৰ কুমাৰ শৰ্মা, ড° গাৰ্গী শৰ্মা আৰু ড° সুবল মাইবঙছাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উত্তম বাথাৰিৰ নেতৃত্বত এটা দলে এই পৰম্পৰাগত পানীয়ৰ ওপৰত পদ্ধতিগত পৰ্যবেক্ষণ আৰু গৱেষণা চলাই আবেদন কৰি সফলতা লাভ কৰে ।এই বিষয়ে জানিবলৈ দি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই কয় যে নিদিষ্ট পদ্ধতিৰ জৰিয়তে এই পানীয় প্ৰস্তুতৰ ফলত ব্যৱহাৰ আৰু বিপননৰ দিশত লাভজনক হোৱাৰ লগতে পিছপৰা জনগোষ্ঠীটোৰ লোকসকল উপকৃত হব । লগতে এই পানীয়বিধ প্ৰস্তুতৰ থলুৱা কৌশলবিধ সংৰক্ষিত হোৱাৰ উপৰিও ইয়াৰ বিপননৰ ক্ষেত্ৰত সফল হব পৰা যাব । সকলো সময়তে সমতা ৰক্ষা কৰি প্ৰস্তুত কৰাৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় বজাৰত বিপননৰ মাণদণ্ড ৰক্ষা কৰিব পৰা যাব
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…
- অসমৰ ভলীবল জগতত সূপৰিচিত চিনাকী নাম, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ দীপক ওজা…
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…