বৰপেটা জিলাৰ গাওঁ পঞ্চায়ত সমূহত দুবছৰৰ অধিক সময় ধৰি একে ঠাইতে কাম কৰি থকা ঠিকাভিত্তিক ২৮২ জন বিষয়া-কৰ্মচাৰীক একেদিনাই বদলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি পোন প্ৰথমবাৰৰ বাবে লটাৰী যোগে কৰ্মচাৰী সকলৰ বদলিৰ স্থান নিশ্চিত কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ সমিতিৰ পৰিচালনাত যোৱা শণিবাৰে এই উদ্দেশ্যে অনুষ্ঠিত হোৱা লটাৰী যোগে কৰ্মচাৰী সকলৰ নতুন কৰ্মস্থলী নিশ্চিত কৰা হয়। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বদলিৰ ক্ষেত্ৰত উপায়ুক্ত সকলক ক্ষমতা প্ৰদানৰ বাবে লোৱা সিদ্ধান্ত অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত বিভিন্ন গাঁও পঞ্চায়তত ঠিকাভিত্তিক নিয়োজিত হৈ থকা বিষয়া- কৰ্মচাৰী সকলৰ বদলিৰ বাবে উপায়ুক্তক সভাপতি আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্য সচিব হিচাপে লৈ এখন চাৰিজনীয়া সমিতি গঠন কৰি দিয়ে। যোৱা শুক্ৰবাৰে জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত অনুষ্ঠিত হোৱা সমিতিৰ বৈঠকত উপায়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ উপৰি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ যুটীয়া সচিব ললিতা দেৱী সদস্য হিচাপে উপস্থিত থাকে। তদুপৰি সংশ্লিষ্ট উন্নয়ন খণ্ডৰ বিষয়া গৰাকীকো সমিতিৰ সদস্য হিচাপে ৰখা হয়। এই বৈঠকত সমগ্ৰ বিষয়টোৰ স্বচ্চতা ৰক্ষাৰ স্বাৰ্থত লটাৰী যোগে বদলিৰ স্থান নিশ্চিত কৰা হয়। সেই অনুসৰি বিভিন্ন পঞ্চায়তত যোৱা দুবছৰৰ অধিক দিন একে ঠাইতে নিয়োজিত হৈ থকা ৭৩ জন স্বীকৃতিপ্ৰাপ্ত অভিযন্তা, ৭১ জন গাওঁ পঞ্চায়ত সমন্বয়ক, ৯১ জন গাওঁ পঞ্চায়ত ৰোজগাৰ সহায়ক, ২৪ জন হিচাপ সহায়ক, ১৬ জন কম্পিউটাৰ সহায়ক আৰু ৭ জন খণ্ড আঁচনি প্ৰৱন্ধকক একেদিনাই একেটা নিৰ্দেশৰ ভিত্তিত বদলি কৰা হয়। স্বচ্চতা ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ লটাৰী প্ৰক্ৰিয়াৰ ভিডিও ৰেকৰ্ডিং কৰা হয়। এনেদৰে উপায়ুক্ত গৰাকীৰ ব্যক্তিগত তৎপৰতাত একেদিনাই ইমান বৃহৎ সংখ্যক বিষয়া-কৰ্মচাৰীক এনেদৰে কোনো বক্ৰ পথৰ আশ্ৰয় নোলোৱাকৈ সম্পূৰ্ণ নীতিগতভাবে কৰা বদলিৰ কাৰ্যক সচেতন মহলে ভূয়শী প্ৰশংসা কৰিছে।

