সাধাৰণ লোকৰ প্ৰতি আস্থা ৰাখিহে চৰকাৰে প্ৰস্তুত কৰি আহিছে আচঁনি: অনিল কুমাৰ দাস

সাধাৰণ লোকৰ প্ৰতি আস্থা ৰাখিহে চৰকাৰে প্ৰস্তুত কৰি আহিছে আচঁনি। বিভিন্ন পৰিকল্পনাৰে শ্ৰেষ্ঠ ভাৰত হিচাপে গঢ়ি তুলিবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোককে চৰকাৰে দিছে সুবিধা। দূৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি চৰকাৰে সাধাৰণ জনতাৰ হিত সাধন কৰি আহিছে । এই ক্ষেত্ৰত চৰকাৰক ৰাইজে সহযোগ কৰা উচিত -এইদৰে কয় অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ তথা নৱনিযুক্ত জিলা সভাপতি অনিল কুমাৰ দাসে। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ২৪ ছেপ্টেম্বৰত উদয়ন যুৱ ক্লাৱ এণ্ড ছোছাইটীৰ উদ্যোগত  বৰপেটাৰ ছুটিয়াপাৰাত উদযাপন হয় স্বাধীনতাৰ অমৃত মহোৎসৱ। সেই উপলক্ষে অনুষ্ঠিত এখন সভাত উপস্থিত থাকি এইদৰে কয় বিজেপিৰ নৱনিযুক্ত জিলা সভাপতি অনিল কুমাৰ দাসে। চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত চেঙা ৰাজহ চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱ, বিপিএম সৌৰভ কুমাৰ দাস, গৰিয়া উন্নয়ন পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য ধনী আলীসহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হোৱা অনুষ্ঠানত কুইজ, ভেকচন, সংগীত আদি প্ৰতিযোগিতা হয়। বৰপেটাৰ নাট্যগোষ্ঠী “কলাক্ষেত্ৰ”ৰ শিল্পীসকলেও এই অনুষ্ঠানতে নাট পৰিবেশন কৰে। 

Related Articles