কণ কণ ল’ৰা ছোৱালীৰ মাজতো বৃদ্ধি পাইছে যোগৰ প্ৰতি আকৰ্ষণ। তাৰে প্ৰমাণ হ’ল ওদালগুৰিত। দেওবাৰে ওদালগুৰিত ‘ দ্বিতীয় জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা- ২০২১’ অনুষ্ঠিত কৰা হয়। ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সৃষ্টি যোগ প্ৰতিষ্ঠানৰ সহযোগত ওদালগুৰি চহৰত এদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলন কৰে ওদালগুৰি পৌৰ সভাৰ উপ-পৌৰপতি প্ৰাচূৰ্য দাসে। বন্তি প্ৰজ্বলেনে শুভাৰম্ভ কৰা প্ৰতিযোগিতা খনৰ উদ্ধোধনী সভাত ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি সোনদ্বীপ ভূঞাই যোগৰ জড়িয়তে সু-স্বাস্থ্য তথা সুন্দৰ মানসিকতাৰ অধিকাৰী হ’ব পাৰি বুলি মন্তব্য কৰে । ইয়াৰ পিছতে চাব জুনিয়ন , জুনিয়ৰ আৰু চিনিয়ৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত জিলা খনৰ শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰে। দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতা খনৰ উদ্ধোধনী সভাত উপস্থিত থাকি ওদালগুৰি পৌৰ সভাৰ উপ-পৌৰপতি প্ৰাচূৰ্য দাস , যোগাসন ক্ৰীড়াৰ ৰাজ্যিক বিচাৰক বুবুল কুমাৰ চহৰীয়া , বিপুল গোস্বামী , ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বিপ্লৱ দাস , ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা মন্টু কলিতা ,ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উপ-সভাপতি নিতু শইকীয়া , সম্পাদক দিগন্ত শৰ্মাপ্ৰমূখ্যে কৰি বহু বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।আবেলি অনুষ্ঠিত হোৱা বটা বিতৰণি সভাত ওদালগুৰিৰ নেহৰু যুৱ কেন্দ্ৰৰ উপ-সঞ্চালক শেখৰ ৰঞ্জন দেৱ উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…
- বিনন্দীয়া ধৰিত্ৰীত প্লাষ্টিকৰ প্ৰভাৱ…