দৰং জিলাৰ কলাইগাওঁ সমষ্টিৰ অন্তগৰ্ত ভূড়াৰগড় গাওঁ পঞ্চায়ত এলেকাৰ বাঘৰবাৰী গাঁৱৰ যাদৱ ডেকা আৰু বুলু ডেকাৰ একামাত্ৰ পুত্ৰ চম্পক ডেকাই আগন্তুক ৰাষ্ট্ৰীয় গেমছত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে স্থান লাভ কৰাত স্হানীয় ৰাইজৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হয় । দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ তথা তেজপুৰ আই টি আইত শিক্ষা গ্ৰহণ কৰি আহিছে স্থান লাভ কৰা চম্পক ডেকাই। এগৰাকী মাৰাথান দৌৰবিদ হোৱাৰ আশাৰে নিয়মিত অভ্যাস কৰি অহা চম্পক ডেকাই অসম তথা দৰঙৰ যিকোনো মাৰাঠান দৌৰত অংশ লৈ খিতাপ দখল কৰি আহিছে। আমাৰ দৈনন্দিন বাৰ্তাৰ মঙলদৈৰ প্ৰতিনিধিয়ে চম্পক ডেকাৰ যোগাযোগ কৰাত জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাত পুৰস্কাৰ হিচাবে নহয় অভ্যাস কৰাৰ লেখীয়াকৈ সকলোতে অংশগ্ৰহণ কৰি আহিছে। সৌভাগ্যক্ৰমে অধিকাংশতে প্ৰথম স্হানো অৰ্জন কৰি আহিছে বুলি জানিবলৈ দিয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান চম্পকৰ পিতৃ মাতৃয়ে দিন হাজিৰা কৰি ঘৰ চলাই আহিছে । চম্পকে জিলাৰ বাহিৰত খেলত অংশ গ্ৰহণ কৰিবলৈ গ’লে সম্পৰ্কীয় বাইদেউ আৰু দুই এজনৰ পৰা পইচা লৈ যায় এতিয়া গুৱাহাটীত প্ৰশিক্ষণৰ বাবে যাব লগা হোৱাত বিপাঙতো পৰিছে চম্পক ডেকা আৰ্থিকভাবে । অহা-যোৱা কৰাৰ লগতে খেলৰ সাজ পোচাক লোৱাকে ধৰি থকাৰ কথাইয়ো চিন্তাত পেলাইছে দৰিদ্ৰ পৰিয়ালৰ সন্তান চম্পকক। ১৯ বছৰীয়া চম্পকৰ ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণৰ স্থান লাভ কৰাত আৰ্শীবাদ তথা শুভেচ্ছা জ্ঞাপন কৰে সদৌ দৰং জিলা ছাত্ৰ, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা,ৰেনেচাঁ ক্লাব বাঘৰবাৰী , দেওমৰনৈ ক্ৰীড়া সন্থা,দৰং জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰনেতা খনিন্দ ৰাজবংশী, সুশীল সুত্ৰধৰ, ভবেশ কাকতিৰ, নিৰঞ্জন শইকীয়া, পৰাগ চহৰীয়া , লগতে দৰঙৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে৷।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দিনবোৰ সলনি হ’ব, প্ৰজন্মৰ উৰ্বৰ মগজুত বিশ্বজয়ৰ চেতনা জাগ্ৰত হ’ব! মানুহবোৰ মানুহ হ’ব…
- মানৱ জীৱনৰ প্ৰতি ভাবুকি! নিৰ্বাচনী ধামখুমীয়াত গুৰুত্ব নোপোৱা বাতৰি…
- বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু ! ওড়িশাত কৰুণ মৃত্যুক সাৱটিলে নগাঁৱৰ দুই যুৱকে…
- শ্ৰীশ্ৰী শংকৰ মাধৱ মণিকাঞ্চন মিলন ক্ষেত্র শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত মহাপালনাম, সম্বৰ্ধনা, ভাওনা প্ৰদৰ্শনঃ ভক্ত বৈষ্ণৱক আদৰণি জনালে নাৰায়ণপুৰীয়া ধৰ্মপ্ৰাণ ৰাইজে…
- ভলীবলৰ প্ৰশিক্ষক দীপ গগৈ আৰু অন্যান্য কিছু কথা…
- বৰষুণৰ বতৰঃ পাকঘৰত কি ৰান্ধিব? চিন্তাত পৰিছে নেকি…
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…