ৰতনপুৰ আঞ্চলিক ফুটবল ক্লাবৰ উদ্যোগত ৩দিনীয়া ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

ৰতনপুৰ আঞ্চলিক ফুটবল ক্লাৱৰ উদ‍্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণ  ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত ৰতনপুৰ অঞ্চলত ৮ অক্টোবৰ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰতনপুৰ আঞ্চলিক ক্লাৱৰ উদ‍্যোগত দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। খেলখনৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে বড়িগাঁওৰ গা‍ঁওবুঢ়া কৰুণা কান্ত বড়োই। মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰাৰ লগতে খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক লক্ষীৰাম বড়োই। লগতে ৰতনপুৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলেও খেলখনৰ শুভাৰম্ভণিৰ মুহূৰ্তত উপস্থিত থাকি খেলুৱৈ সকলৰ লগতে উদ‍্যোগতাক শুভেচ্ছা জ্ঞাপন কৰে। উক্ত ফুটবল প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলক ট্ৰফীৰ সৈতে নগদ ১২,০০০ টকাৰ বিপৰীতে ৰানাৰ্ছাপ দলক ট্ৰফীসহ নগদ ৮০০০ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি উদ‍্যোগতা তথা ৰতনপুৰ আঞ্চলিক ক্লাৱৰ সভাপতি কৃষ্ণ ৰাভাই জনায়। আনহাতে খেল উপভোগ কৰিবলৈ সমূহ ৰাইজক আমন্ত্ৰণ জনায় ৰাফা দলৰ সক্ৰিয় সদস্য অমিত বড়োই‌।

Related Articles