বিহালী বিধান সভা সমষ্টিৰ অন্তর্গত টেলেংগনীয়া গাঁও পঞ্চায়তৰ অন্তর্গত বিভিন্ন ৰোগীত ভোগী থকা লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা দিয়া চেক যোৱা কালি বিতৰণ কৰা হয় ।বিহালীৰ বিধায়ক ৰণ্জিত দত্তৰ ততপৰতাত ,টেলেংগনীয়া গাঁও পঞ্চায়তৰ সভানেত্রী জান্হবী দাসৰ উদ্যোগত চেক সমুহ দিয়া হয় ।চেক বিতৰণ কার্যসুচীত পঞ্চায়ত সচিব ভীষ্ম কটুৱাল,নৱ নির্বাচিত বিশ্বনাথ জিলা ভাৰতীয় জনতা পার্টিৰ উপসভাপতি ক্ষীৰোদ দাস,আঞ্চলিক সদস্য অমিয় ৰয় সহ বার্ড সদস্য সকল উপস্হিত আছিল ।পঞ্চায়ত খনৰ মুঠ ২৬ গৰাকী ৰোগী লোকক এই চেক প্ৰদান কৰা হয় ।

