অসমৰ অগ্ৰণী প্ৰকাশন, দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পাঁচখন আলোচনীৰ অন্যতম ভিন্নসুৰী মাহেকীয়া আলোচনী ” দিগদৰ্শন” আৰু দিগদৰ্শন প্ৰকাশনৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানটি অহা ১০ অক্টোবৰত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । উদীয়মান শিল্পী চিল্কীপ্ৰিয়া শইকীয়াৰ সত্ৰীয়া নৃত্য পৰিৱেশনেৰে শুভাৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁত ধৰে , দিগদৰ্শন প্ৰকাশনৰ স্বত্বাধিকাৰ পংকজ কুমাৰ দাস আৰু ৰীতা বৰদলৈয়ে । উক্ত অনুষ্ঠানটিতে , বিশ্বনাথ জিলাৰ ষ্টেটপুল শিক্ষক প্ৰেম বৈষ্ণৱক ” বৰ্ষশ্ৰেষ্ঠ কবি” সন্মানেৰে সন্মানিত কৰা হয় । বৰ্ষশ্ৰেষ্ঠ কবি বঁটাৰ সৈতে, ফুলাম গামোচা, চেলেং , স্মাৰক, সম্বৰ্ধনা পত্ৰ , কিতাপৰ টোপোলা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । প্ৰেম বৈষ্ণৱ, বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক । শিক্ষকতাৰ দৰে মহান কাৰ্যত ব্ৰতী হোৱাৰ সমান্তৰালকৈ, সামাজিক গণমাধ্যম ফেচবুক , অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰকাশিত হোৱা মাহেকীয়া আলোচনী , দৈনিক বাতৰি কাকত আদিত নিয়মীয়াকৈ তেখেতৰ কবিতা ,প্ৰবন্ধ আদি প্ৰকাশ হৈ আহিছে । তেখেত সামাজিক অনুষ্ঠান সমূহৰ লগত ওত:প্ৰোত ভাৱে জড়িত হৈ থকা এগৰাকী নিষ্ঠাবান শিক্ষক । বৰ্তমান তেখেত , সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ উপসভাপতি আৰু বিশ্বনাথ জিলা ষ্টেটপুল শিক্ষক সন্থাৰ মুখ্য উপদেষ্টাৰ দ্বায়ীত্ব পালন কৰি আছে । সাহিত্যৰ জগত খনত এতিয়ালৈকে __ “মোৰ সপোনৰ দস্তাবেজ” , “মই তোমাৰ আজন্ম প্ৰেমিক”” আৰু “মোৰ হৃদয়ৰ স্পন্দনত মাথোঁ তুমি ” মুঠ তিনিখন কাব্যসংকলন পঢ়ুৱৈ সমাজৰ হাতত তুলি দিছে । “মোৰ হৃদয়ৰ স্পন্দনত মাথোঁ তুমি ” শীৰ্ষক কাব্যসংকলনটি যোৱা ১০/১০/ ২০২১ তাৰিখে দিগ্দৰ্শন প্ৰকাশনৰ অষ্টদশ বৰ্ষপূৰ্তি অনুষ্ঠানটিতে শুভ উন্মোচন কৰে যোৰহাটৰ, গণঅধিকাৰ কাকততৰ জ্যৈষ্ঠ সাংবাদিক নেকিব আহমেদে । দিগদৰ্শন প্ৰকাশনৰ অষ্টাদশ বৰ্ষপুতি অনুষ্ঠানটিত উপস্থিত থাকি প্ৰেম বৈষ্ণৱৰ এই বৃহৎ সাফল্যৰ বাবে বিভিন্ন প্ৰকাৰে উৎসাহিত কৰা “সদৌ অসম ষ্টেটপুল শিক্ষক সন্থা” ৰ কাৰ্যকৰী সভাপতি মালিৰাম দলে ছাৰলৈ, ষ্টেটপুল শিক্ষক তথা বৰ্ষশ্ৰেষ্ঠ কবি প্ৰেম বৈষ্ণৱে আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিশ্ব হাঁপানী দিৱসঃ প্ৰাপ্তবয়স্কতকৈ অধিক শিশু হাঁপানী ৰোগী! পিতৃ-মাতৃয়ে হাঁপানীৰ এই প্ৰাৰম্ভিক লক্ষণসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে…
- গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ভোটদান কৰিলে বৰক্ষেত্ৰীত…
- লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে…
- গৰমৰ দিনত কেঁচা জলকীয়া শুকাই যায় নেকি? কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ উপায়…
- ভাৰতীয় শ্বেয়াৰ বজাৰত চেন্সেক্সৰ ১৪টা ষ্টক বৃদ্ধি…
- বাতবিষ আৰম্ভ হোৱাৰ ৩ বছৰ পূৰ্বে ইয়াৰ লক্ষণসমূহ দেখা যায় বুলি প্ৰকাশ পাইছে এক গৱেষণাত…
- চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান…
- চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…
- নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…
- বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…