বিশিষ্ট কবি সংকেশ্বৰ কোঁচৰ দুখনকৈ কবিতা পুথি ১০ অক্টোবৰত শোনিতপুৰ জিলাৰ চিৰাজুলিৰ চিকাৰী বস্তিৰ তেখেতৰ নিজা বাস ভৱনত উন্মোচন কৰা হয় ৷লিখক সা’বাদিক কবি সুজিত কটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ পূৰ্বে তেখেতৰ কন্যা নিকিতা কোঁচে বৰগীত পৰিবেশন কৰে ৷এই কাব্য উন্মোচনী সভাৰ মাজতে এক কবি সন্মিলন অনুষ্ঠিত হয় ৷এই কবি সন্মিলনত কবিতা পাঠ কৰে বিশিষ্ট কবি গোবিন্দ নাথ,গুণাৰাম শইকীয়া,কবিন্দ কুমাৰ দাস,জয়ন্ত বৰা ,পংকজ শৰ্মা,সংকেশ্বৰ কোঁচ,সুজিত কটকী,বিশিষ্ট চুটিগল্পকাৰ,কবি কোষেশ্বৰ বৰাৰ লগতে উদীয়মান কবি হেমন্ত কুমাৰ মাহাতো,নাজমূল হুছেইন ধনদা কটকী,দীপাঞ্জলি দেৱীয়ে ৷বিশিষ্ট কবি সংকেশ্বৰ কোঁচৰ”আলঙত ৰাতিৰ ফুল” শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে ড° হৰিচৰণ দাসে ৷তেখেতে উন্মোচনী ভাষণত কয় ভাৰততে কবিতাৰ জন্ম ৷কবিৰ অৰ্থ পুৰণিতকৈ পুৰণি,নতুনতকৈ নতুন ৷কবি মানেই জ্ঞানৰ শক্তিধৰ ,ভগবান ৷গ্ৰীচ দেশত কবিক ভগবানৰ মাধ্যম ৰূপে গণ্য কৰা হয় ৷তেখেতৰ এই কবিতা পুথি খনৰ প্ৰকাশক লিখক সাংবাদিক জ্যোতি প্ৰসাদ ডেকাকো এই সভাতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷তেখেতৰ দ্বিতীয় খন কবিতা পুথি”হৃদয় মন ব’হাগ আদি” ৰ উন্মোচন কৰে বিশিষ্ট লিখক কবি চুটিগল্পকাৰ কোষেশ্বৰ বৰাই ৷তেখেতে উন্মোচনী ভাষণত আজিৰ কবি গল্পকাৰ সকল তেওঁলোকৰ সৃষ্টিৰাজি কৃষক শ্ৰমিকৰ মাজত লৈ যাবলৈ অপৰাগ হৈছে ৷ফলত লেখক কবি সকল তেওঁলোকৰ বাৰ্তা সমূহ সৰ্বসাধাৰণ মানুহৰ মাজত লৈ যাই সমাজত জাগৰণ অনাত ব্যৰ্থ হৈছে ৷সেয়ে ডাঙৰ মঞ্চতে সীমাবদ্ধ নাৰাখি সৰ্বসাধাৰণ ৰাইজৰ মাজত লৈ যাবলৈ আহ্বান জনায় ৷এই কবি সন্মিলনৰ কবিতা সমূহৰ পৰ্যালোচনা আগবঢ়ায় কবিতা সমালোচক শশধৰ বৈশ্যই ৷ক্ষুদ্ৰ চাহ খেতি আৰু তাঁত শিল্পক সৰোগত কৰি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা আজন্ম কবি সংকেশ্বৰ কোঁচে উপস্হিত থকা অতিথি,কবি সকলোকে নিজৰ তাঁত শালৰ গামোচাৰে সম্বৰ্ধনা জনায়
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…