ৰাজ্যত প্ৰায় তিনিমাহ চোৰাং কাঠৰ বেহা বন্ধ হোৱা বুলি বিভিন্ন মহলত গুজৱ উঠি আহিছে যদিও সক্ৰীয় হৈ আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । আজি তাৰেই প্ৰমাণ হল তিনিচুকীয়া জিলাৰ বৰডুমচাৰ বৰহোলোং গাঁৱৰ মাজেৰে যোৱা বৰডুমচা-ফিল’বাৰী সংযোগী পথত । ডুমডুমা বন সংমণ্ডল অধীনৰ পেঙেৰীৰ খাটাংপানী আঞ্চলিক বন বিভাগৰ লগতে বৰডুমচা আৰক্ষী থানাৰ এটা যুটীয়া দলৰ অভিযানত বৰডুমচাৰ বৰহোলোঙৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি এখন নম্বৰ প্লেট বিহীন ট্ৰেক্টৰ গাড়ী জব্দ কৰে।জানিব পৰা মতে খাটাংপানী আঞ্চলিক বন বিভাগে এক গোপন সুত্ৰৰ পৰা তথ্য লাভ কৰি অভিযান চলোৱাৰ মুৰ্হুত্বত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।চোৰাং কাঠ ব্যৱসায়ীয়ে এখন টেক্টৰ গাড়ীৰে মুল্যবান কাঠখিনি কঢ়িয়াই নি থকা অৱস্থাত জব্দ কৰিবলৈ লওতেই আৰক্ষীৰ উমান পাই ট্ৰেক্টৰখনৰ চালক আৰু হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয় । নম্বৰ প্লেটবিহীন টেক্টৰখনৰ গৰাকী কোন বাতৰি লিখা পৰ্যন্ত জানিব পৰা হোৱা নাই । বন বিভাগে সন্দেহ কৰা অনুসৰি উক্ত জব্দকৃত চোৰাং কাঠখিনি পেঙেৰীৰ তৰাণি সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং ব্যৱসায়ীয়ে অৰুণাচল প্ৰদেশলৈ কঢ়িয়াই নিছিল।তিনিচুকীয়া জিলাৰ অৰুণাচল সীমামূৰীয়া পেঙেৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল কেইখনত দ্ৰুত হাৰে চোৰাং কাঠ ব্যৱসায়ীয়ে নিতৌ চলাই অহা হাতোৰাৰ প্ৰতি শূণ্যসহণশীল শাসকীয় চৰকাৰখনে কেতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া লৈ সম্প্ৰতি বাৰে বাৰে প্ৰশ্ন উত্থাপিত হৈছে অঞ্চলটোৰ সচেতন মহলত ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…