সদৌ অসম গোৰ্খা ছাত্র সন্থা ( আগ্ছু) ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ডিমাকুচী আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা যোৱা ৩ অক্টোবৰ তাৰিখে সম্পন্ন হৈছিল। আঞ্চলিক সমিতিৰ পুৰনি সমিতি ভঙ্গ কৰি দিপক অধিকাৰিক সভাপতি আৰু মিলন শৰ্মাক সাধাৰণ সম্পাদক পদত নিৰ্বাচিত কৰি ডিমাকুচী আঞ্চলিক সমিতি পুনৰ গঠন হয়। যোৱা ১০ অক্টোবৰ তাৰিখে উক্ত নতুনকৈ গঠন হোৱা আঞ্চলিক সমিতিক কাৰ্য্যভাৰ অৰ্পণৰ লগতে জিলা সমিতিয়ে শপতগ্ৰহণো কৰোৱায়। ওদালগুৰি জিলাৰ শুকলাই চ’কত অৱস্থিত গোৰ্খা ভৱনত ডিমাকুচী আঞ্চলিক সমিতিৰ সভাপতি কিশোৰ চিৱাকোটীৰ সভাপতিত্বত আয়োজিত সাধাৰণ সভাত ওদালগুৰি জিলা সমিতি আগ্ছুৰ সাংস্কৃতিক সম্পাদক নৃপেন ভুৰ্তেল আৰু জিলা সদস্য অৰ্পণ ছেত্ৰীয়ে আঞ্চলিক সমিতিৰ সদস্য সকলক গোপনীয়তা আৰু শপত পাঠ কৰায়। উক্ত আঞ্চলিক সমিতিত সভাপতি দিপক অধিকাৰী, উপ সভাপতি চৰণ কটোৱাল আৰু শিৱ অধিকাৰী, সাধাৰণ সম্পাদক মিলন শৰ্মা, সহ সম্পাদক বালাকৃষ্ণ অধিকাৰী, খেম আচাৰ্য্য আৰু অমিত সাপকোটাৰ লগতে আঞ্চলিক সমিতিৰ অন্যান্য সদস্যই শপতগ্ৰহণ কৰে।উক্ত শপতগ্ৰহণ অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকি সাংগঠনিক বক্তব্য আগবঢ়ায় ক্ৰমে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মা, আগ্ছু কেন্দ্ৰীয় সদস্য কুমাৰ কটোৱাল, অসম গোৰ্খা সন্মিলন বি টি চি ক্ষেত্ৰীয় সমিতিৰ উপদেষ্টা কৃষ্ণ গিৰি, ভাষা সেনানী ইন্দ্ৰ চিৱাকোটী, আগ্ছু বি টি চি ক্ষেত্ৰীয় সমিতিৰ মুখপত্ৰ সম্পাদক সুদৰ্শন ভূষাল আৰু ডিমাকুচী আঞ্চলিক আগ্ছুৰ উপদেষ্টা কেদাৰ ভণ্ডাৰী আদিয়ে নতুনকৈ গঠন হোৱা আঞ্চলিক সমিতিক শুভেচ্ছা জনোৱাৰ লগতে ছাত্র সংগঠনে দেশ-জাতি আৰু সমাজৰ কাম কৰি যাবলৈ ছাত্র সংগঠনক আহ্বান জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…