Breaking

ধুবুৰীত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 2,038

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া ধুবুৰী মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে উপস্থিত হয় । পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰী আৱৰ্ত ভবনত উপস্থিত হয় । দুৰ্গা পূজাৰ সময়ত দুদিনীয়া কাৰ্য্যসূচীৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰী ত উপস্থিত হৈ বগৰীবাৰী মহামায়া মন্দিৰ, পাগলাহাট,  তামাহাট আৰু গৌৰীপুৰৰ ৰাজবাৰীৰ দুৰ্গা পূজাৰ লগতে কেইবাখনো পূজা মণ্ডপ পৰিদৰ্শন কৰাৰ পিছতে আজি সন্ধিয়া নিৰ্মাণৰত ধুবুৰী মেডিকেল কলেজত  উপস্থিত হয় । মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বজ লোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয় খনৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰা হব ।

Leave A Reply