ধুবুৰীৰ দত্তবাৰীৰ দূৰ্গাপূজা এইবেলি ১৬১ বছৰত ভৰি দিব৷ পূজাখন আৰম্ভ হৈছিল ১৮৬১ চনত৷ পৰিয়ালটোৰ তৃতীয় পুৰুষ প্ৰয়াত ৰাজমোহন দত্তৰ পত্নী ৺ৰাশমনি দত্তৰ উদ্যোগত আৰম্ভ হৈছিল এই পাৰিবাৰিক দূৰ্গা পূজাখন৷ প্ৰথমাৱস্থাত পূজাখনত বলি প্ৰথা আছিল যদিও ৰাজমোহন দত্তৰ দুগৰাকী কৃতি পুত্ৰ কিশোৰ মোহন দত্ত আৰু বেণী মাধৱ দত্তৰ আকষ্মিক মৃত্যুৰ পিছৰ পৰা বলি প্ৰথাৰ বিলোপ ঘটোৱা হয়৷ জানিব পৰা মতে পূৰ্বে সন্ধি পূজাৰ দিনা এই পাৰিবাৰিক পূজাখনত ১০৮ টা ছাগলী বলি দিয়া হৈছিল৷ কিন্তু ৺ৰাজমোহন দত্তৰ দুই প্ৰতিষ্ঠিত সন্তানৰ অকাল মৃত্যুৰ পিছত মাতৃ ৺ৰাশমনিয়ে শোক আৰু অভিমানত পূজাখন বন্ধ কৰি দিয়ে৷ পিছত ৺ৰাজমোহন দত্ত আৰু তেখেতৰ তিনি পুত্ৰ ৺প্যাৰিমোহন দত্ত, ৺শশীমোহন দত্ত, ৺ললিতমোহন দত্তৰ উদ্যোগত পূজাখন পুনৰ আৰম্ভ হয় যদিও তেতিয়াৰ পৰা পৰিয়ালটোৰ দুৰ্গাপূজাত বলি প্ৰথাৰ বিলোপ ঘটোৱা হয়। উল্লেখ্য যে, দত্তবাৰীৰ এই দূৰ্গাপূজাখনৰ প্ৰতিমা, পূজাৰ প্ৰণালী আৰু বিসৰ্জনৰ আছে কেতবোৰ বিশেষ বৈশিষ্ট৷ পূৰ্বৰ দৰেই এতিয়াও পৰিয়ালটোৰ দেৱী প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ হয় জন্মাষ্টমীৰ দিনা৷ ১৫ ফুট উচ্চতাৰ তথা স্থানীয় ভাৱে “একচালা” শৈলীৰূপে পৰিচিত দুৰ্গা প্ৰতিমাৰ শৰীৰ আৰু বস্ত্ৰৰ ৰং, অংগ সজ্জা, মুখ আৰু চকুৰ অভিব্যক্তি পূজাখনৰ আৰম্ভণিৰে পৰা এতিয়াও সলনি হোৱা নাই। অৱশ্যে পূৰ্বে দেৱীৰ বস্ত্ৰ আৰু মুকুট মাটিৰে নিৰ্মাণ কৰা হৈছিল যদিও দশমীৰ বিসৰ্জনৰ সময়ত প্ৰতিমাৰ ওজনৰ হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানে মাটিৰ ঠাইত কাপোৰৰ বস্ত্ৰ পৰিধান কৰোৱা হয় দেৱীক। ‘‘দত্তবাৰী’’ এই দুৰ্গা পূজাৰ আছে কেতবোৰ বিশেষ পৰম্পৰাও। মহালয়াৰ পিছদিনা প্ৰতিপদৰ পৰা আৰম্ভ হয় এই পূজাখন। পূজা আৰম্ভ হোৱাৰ দিনৰ পৰা দশমী পূজা সম্পন্ন নোহোৱালৈকে প্ৰতিদিন ধলপুৱাতে ‘ঢাক’ বজাই ‘দেবীক শয়নৰ পৰা উঠোৱাৰ এক বিশেষ লোকাচাৰো আছে পূজাখনৰ৷ ইয়াতে উল্লেখনীয় এয়াও যে, সুদূৰ জাৰ্মানীৰ পৰা আহি এই পৰিয়ালটোৰ বোৱাৰী হোৱা তথা প্ৰখ্যাত ভাৰতনাট্যম আৰু কত্থক নৃত্যশিল্পী ইৰিকা নন্দীয়ে ১৯৬৯ চনৰ পৰাই তেওঁলোকৰ পৰিয়ালৰ দুৰ্গাপূজাৰ মণ্ডপত প্ৰদৰ্শিত কৰা আৰতিও ‘‘দত্তবাৰী’’ৰ পূজাৰ এক আন এক আকৰ্ষণ হোৱা পৰিলক্ষিত হয় বুলি জানিবপৰা গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…
- বৰপেটাত বিৰোধীৰ কোনো অস্তিত্ব নাই, ইয়াত বিৰোধীয়েও নাজানে তেওঁলোকৰ প্ৰাৰ্থী কোন, ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স ৭৫ হাজাৰ অতিক্ৰম…
- চেমিকণ্ডাক্টৰ জৰিয়তে চাউথ ইষ্ট এছিয়াৰ দুৱাৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইঃ বিমল বড়া
- আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস…
- তেজপুৰৰ “সংস্কৃতা”ৰ বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন…