দেৱী দূৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে কলিয়াবৰ । সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো পালন কৰা হৈছে দূৰ্গা পূজা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে দূৰ্গোৎসৱৰ মহা অষ্টমী।কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ আৰু সমভূমিৰে প্ৰাকৃতিক মনোমোহা ঠাই হাতীমূৰাত প্ৰতিষ্ঠিত মহিষৰ্দিনী দুৰ্গা মন্দিৰ। হাতীৰ মূৰসদৃশ এটি শিলত ১৬৬৭ শকত ইং ১৭৪৫ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই দশভুজা দুৰ্গাদেৱীৰ মূৰ্তি খুদিত কৰি প্ৰতিষ্ঠা কৰিছিল এই দুৰ্গা মন্দিৰটি। সেইবাবেই অঞ্চলটোৰ নাম হ’ল হাতীমূৰা। মন্দিৰটিলৈ সোমাই যোৱা বাটতে এজোপা পুৰণি বৰগছৰ কাষতে আছে প্ৰকাণ্ড শিলত কটা গণেশৰ মুৰ্তি। হাতীমূৰালৈ মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজে মুকলি আকাশৰ তলত থকা গণেশৰ মূৰ্তিত কৰি আহিছে পুজা-অৰ্চনা। প্ৰতিবছৰে হতীমূৰাৰ দুৰ্গা মন্দিৰত উলহ-মালহেৰে অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ। এইবাৰো দুৰ্গোৎসৱ পালন কৰিছে ঐতিহ্যমণ্ডিত মন্দিৰটিত। দুৰ্গোৎসৱৰ প্ৰতিটো দিনতে ভক্তৰ সমাগম ঘটে হাতীমূৰাৰ দুৰ্গা মন্দিৰলৈ। অৱশ্যে এইবেলি কিছু ব্যতিক্ৰ পৰিলক্ষিত হৈছে।পূৰ্বৰ দৰে এইবাৰ কলিয়াবৰত নাই পূজাৰ জাক-জমকতা পূৰ্ণ পৰিৱেশ । চৰকাৰী কভিড বিধি মানি অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হৈছে দূৰ্গা পূজা । কলিয়াবৰত ১৯৭৯ চনৰে পৰা হাটবৰ সাৰ্বজনীন পূজা সমিতিয়েও আয়োজন কৰিছে চৰকাৰী নিয়ম অনুসৰি দূৰ্গা পূজা। কাঠেৰে নিৰ্মিত দূৰ্গা দেৱীক দৰ্শন কৰি মাৰ আৰ্শীবাদ ল’বৰ বাবে পুৱাৰে পৰা দৰ্শনাৰ্থীৰ পাতলীয়া ভীৰ দেখিবলৈ পোৱা গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…