সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ গুণবিস্তাৰেৰে দক্ষিণ যোৰহাটৰ নামঘৰসমূহত ৫৭৩তম্ জন্মোৎসৱ কালি উদযাপন হয়। মহাপুৰুষজনাৰ সৃষ্টিৰাজিয়ে সমাজ জীৱনত কেনেদৰে সুপ্ৰভাৱেৰে উপকৃত কৰিছে সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই নামনি তিমতিমীয়া নামঘৰত ধৰ্মধ্বজা উত্তোলন কৰে সৃষ্টিপ্ৰাণ বিনোদ গগৈয়ে। জীৱন গগৈ, প্ৰিয়ৰাম বৰা, প্ৰফুল্ল প্ৰাণ গগৈ, বিকাশ গগৈ, উত্তম কুমাৰ শইকীয়া, দুৰ্গেশ্বৰ গগৈ, টেপুৰাম গগৈ, অনিল বৰা, ক্ষীৰোদ বৰা, নৃপেন গগৈকে ধৰি গাঁৱৰ সকলোৱে ভাগ লোৱা জন্মোৎসৱত শোভাযাত্ৰা আৰু যুৱতীৰ দিহানামেৰে অঞ্চল মুখৰিত হয়। নৱ প্ৰজন্মক আদৰণি জনাই শিশুৰ প্ৰভিভা বিকাশত গুৰুত্ব প্ৰদানেৰে উজনি তিমতিমীয়া বৰ নামঘৰত জন্মোৎসৱ পালন কৰে। ঊষা কীৰ্তনৰ পাছতে বয়োজ্যেষ্ঠ ডিম্বেশ্বৰ টুংখুঙীয়াই ধৰ্মধ্বজা উত্তোলন কৰে। শিক্ষক দুৰ্গাধৰ শেনচোৱাই আঁত ধৰা সমাজ সংকাৰ, ৰীতি-নীতি, নৱ প্ৰজন্মৰ ভূমিকা প্ৰাসংগিকতাৰ আলোচনা চক্ৰত সঞ্চালকৰ দ্বায়িত্বত থাকে আত্মপ্ৰকাশ দৰ্শনৰ মুখ্য সম্পাদক বিনোদ গগৈ। বিশেষ বক্তা যুগ সাপেক্ষ চিন্তাবিদ সিংহেশ্বৰ গগৈয়ে আদৰ্শ সমাজ গঢ়াত গুৰুত্ব দিয়ে। অধিবক্তা মলেন কুমাৰ গগৈ, মুৰব্বী অধ্যাপক ৰাণাজিৎ গগৈ, সমাজপ্ৰিয় ছায়াপ্ৰকাশ শেনচোৱা আৰু জ্যেষ্ঠ ডিম্বেশ্বৰ টুংখুঙীয়াই প্ৰগতিমুখী বক্তব্য আগবঢ়ায়। মূল পাঠক হিৰেন বৰুৱা, মূল সহযোগী পাঠক গৌতম গগৈ, নামাচাৰ্য জীৱকান্ত গগৈ, জিতুল গগৈ, ৰাজীৱ বৰুৱা, নামঘৰীয়া হেমধৰ গগৈ, ডম্বৰু গগৈ, তৰুণ বৰা, তৰুণ গগৈ, বায়িক মুকুতা গগৈকে ধৰি বিভিন্নজনে ধৰ্মীয় দায়িত্ব পালন কৰে। শিশুৰ গীত-মাত, মহিলা আৰু যুৱকৰ দিহানামত মন পুলকিত হয়। সদৌ ধোৱাফদীয়া গাঁৱৰ ৰাইজৰ সৌজন্যত ২ নং নামঘৰত আয়োজিত জম্মোৎসৱত আলোচনা সভা অনুষ্ঠিত হয়। লখিমী কবি থানেশ্বৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মীয় সভা উদ্বোধন কৰে আধ্যাত্মিক শিল্প কাৰ্যৰ শিল্পী প্ৰফুল্ল প্ৰাণ গগৈয়ে। ড০ ৰাতুল চন্দ্ৰ বৰা আৰু ড০ বিপিন খঙীয়াই নিজ নিজ বক্তব্যত সমাজ জীৱনলৈ গুৰুজনাৰ অৱদান প্ৰসংগত বুজাই কয়। ছাত্ৰ-ছাত্ৰীক লৈ বিভিন্ন অনুষ্ঠানো অনুষ্ঠিত কৰে। চেতিয়া গাঁৱৰ বৰ নামঘৰতো শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ বিস্তাৰ কাৰ্যসূচী ৰূপায়ন আৰু বাঘমৰীয়া নামঘৰত ভাওনা মঞ্চস্থ হৈ যায়।

