ঢাক ঢোল মন্ত্ৰ উচ্চাৰনৰে দেৱীৰ পূজা অৰ্চনাৰে মুখৰিত হৈ পৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজাস্থলী সমূহ।এক কথাত সমগ্ৰ ৰাজ্যজুৰি এক উৎসৱ মূখৰ পৰিৱেশে বিৰাজ কৰে। বিশ্বনাথ জিলাৰ ইটাখোলাতো এক উৎসৱ মূখৰ পৰিৱেশৰ মাজত দশমী পূজা সম্পন্ন কৰি দেবীক বিদায় জনায় । অষ্টমীৰ দিনধৰি বিজয়া দশমীৰ দিনা ইটাখোলাৰ দিকৰাই আৰু ইটাখোলা পূজা মণ্ডপত অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষিক ভক্তপ্ৰাণ ৰাইজ দেৱীৰ শ্ৰীচৰণত সেৱা জনাই দেৱীক বিদায় দিয়াৰ লগতে বিশ্বৰ পৰা সকলো অপশক্তি বিনাশ কৰি শান্তিময় পৰিৱেশ সৃষ্টি হোৱাৰ কামনা কৰে।পূজা আয়োজক সমিতিয়ে চৰকাৰে বান্ধি দিয়া ক’ভিড বিধি মানি আবেলিৰ ভাগত ক’ভিড দেৱীক বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে ঐতিহ্য মণ্ডিত সোনালী বৰ্ষ অতিক্ৰম কৰা দিকৰাই দূৰ্গোৎসৱত ক’ভিড সৃষ্ট পৰিস্থিতিতো ৰাইজৰ এক অকৃত্ৰিম উছাহ ভৰা পৰিৱেশ দেখা যায়। অৱশ্যে ইটাখোলা আৰু দিকৰাই দূৰ্গোৎসৱ বুলি কলে বিভিন্ন দোকান-পোহাৰ তথা আনন্দ মেলাৰ আয়োজন হয় যদিও সম্প্ৰতি ক’ভিড সৃষ্ট পৰিস্থিতিত যোৱা দুটা বৰ্ষৰ পূজাস্থলীৰ জাকজমকতাৰ বিপৰীতে এক আধ্যাত্মিকতাৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয় । ইপিনে এই বেলি শাৰদীয় দূৰ্গা পূজাত ৰাজ্য চৰকাৰে ক’ভিড বিধি কিছু শিথিল কৰাত ৰাইজ স্বতঃস্ফূৰ্ত ভাবে পুজাস্থলী সমুহত ভিৰ কৰা দেখা যায়। একে দৰে বিজয়া দশমী তথা দেৱী দূৰ্গা গোসাঁনীক বিসৰ্জন কাৰ্যসূচী ভাগত অধিক ৰাইজৰ সমাগমেৰে আনন্দ উল্লাসৰ বিপৰীতে মাংগলিক নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰাৰ কথা জানিব দিছে দিকৰাই পূজা উদযাপন সমিতিৰ সভাপতি বিজেন্দ্ৰ তচা আৰু যুটীয়া সম্পাদক আনন্দ তচা আৰু পুৰণ গোৱালাই । ইয়াৰ লগতে ইটাখোলা ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত দূৰ্গা পূজাভাগ ষষ্ঠীৰ দিন ধৰি সম্পূৰ্ণ আধ্যাত্মিক বিধি-বিধানৰ মাজেৰে পালন কৰা হয় আৰু বিজয়া দশমীৰ দিনা দেৱী দূৰ্গা গোসাঁনীৰ বিদায় বেলাত ইটাখোলা অঞ্চলত ৰাইজৰ দৰ্শন পৰ্বৰে দিকৰাই নৈত বিসৰ্জন দিয়ে বুলি জনায় উদযাপন সমিতিৰ সভাপতি ৰাকেশ মণ্ডল আৰু সম্পাদক অংশুমাণ চেটাৰ্জীয়ে।

