পলাশবাৰী পাৰ্লীৰ কণ্ঠশিল্পী কুমাৰ ভৃগুৰ অকাল বিয়োগ ।

অসমৰ বিভিন্ন বিহুমঞ্চত বিহুসুৰীয়া গীতৰ লগতে আধুনিক গীতেৰে জনপ্ৰিয়তা অৰ্জন কৰা কুমাৰ ভৃগু ওৰফে ভৃগু কুমাৰ কলিতা আৰু নাই। বিগত চাৰি মাহ মানৰপৰা হৃদৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকীক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে চেন্নাইলৈ নিছিল যদিও শেষত ওভোতাই লৈ আহিছিল। জনপ্ৰিয় শিল্পীগৰাকীয়ে  অলপতে সকলোকে শোক সাগৰত পেৱাই অকালতে মৃত্যুক সাৱটি লয়। পলাশবাৰীৰ সমিপৱৰ্তী পাৰ্ল্লী নোৱাপাৰাত ১৯৮৩ চনত জন্মগ্ৰহণ কৰা কন্ঠশিল্পী কুমাৰ ভৃগুৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাত্ৰ ৩৭ বছৰ। পিতৃ বলেন কলিতা আৰু মাতৃ জ্যেৎস্না কলিতাৰ সন্তান কুমাৰ ভৃগুয়ে অসমৰ আগশাৰীৰ সংগীত পৰিচালক মৃণালকান্তিৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহন কৰিছিল। নামনি অসমৰ বিভিন্ন বিহুমঞ্চত বিগত বিশ বছৰতকৈও অধিক সময় গীত পৰিৱেশন কৰা জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ বিয়োগত সমগ্র দক্ষিণ কামৰূপত গভীৰ শোকৰ ছাঁ পৰে। 

Related Articles