অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, সৰ্বগুণাকৰ, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, তথা নামঘৰ প্ৰতিষ্ঠাতা শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৩ সংখ্যক জন্ম উৎসৱ ৷ পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে দেৱেন চহৰীয়াৰ পৰিচালনাত ভাগৱত শোভাযাত্ৰা কৰে ৷ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কন কন শিশুকে ধৰি আই বাপ সকলে সমগ্ৰ কাইঠপাৰাৰ আকাশ বতাহ হৰি নামেৰে মুখৰিত হয় ৷দুপৰীয়া মুকলি আৰু ধৰ্মালোচনী সভাত সভাপতিত্ব কৰে দৰং জিলা শাখাৰ সভাপতি উপেন্দ্ৰ নাৰায়ণ কুমাৰে ৷মুখ্য অতিথি হিচাবে উপস্থিত থাকি শ্ৰীমন্তশঙ্কৰদেৱ শংঘৰ উপ পদাধিকাৰ বসুন্ধৰ ডেকাই কয় যে উদ্ধোধন কৰিব দৰং জিলা শাখাৰ উপ সভাপতি হৰেশ্বৰ শইকীয়া, নিৰ্দিষ্ট বক্তা মনিৰাম দাস শ্ৰীমন্তশঙ্কৰদেৱ সংঘ আৰু দৰং জিলা সাহিত্য সভাৰ সদস্য ড° হেমন্ত বৰুৱা সভাত উপস্থিত থাকি খাদ্য কি ? কি খাদ্য কাৰ বাবে কেনেকুৱা ৷ কেনে খাদ্যই মানুহক নিৰোগী বা আয়ুস বঢ়াই তাৰে বিস্তৃত ভাৱে উপস্থিত ৰাইজক অৱগত কৰে ৷সন্ধিয়া বন্তি প্ৰজ্জ্বলনৰ পিছত মধ্য মঙলদৈ আঞ্চলিক শাখাৰ শিল্পী বৃন্দৰ দ্বাৰা অংকীয়া নাট প্ৰদৰ্শন কৰিব ৷ উদ্ধোধন কৰিব শিশু গ্ৰাম উন্নয়ন সমিতিৰ দৰঙৰ সম্পাদক চন্দ কুমাৰে আনহাতে ভাওনাৰ পৰিচালনাৰ দায়িত্বত থাকিৱ মৃত্যুঞ্জয় ডেকা আৰু ধীৰেশ্বৰ ডেকা ৷

