সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ একত্ৰিতকৰণ বৈঠক সম্পন্ন।

অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সত্তাৰ সুৰক্ষাৰ স্বাৰ্থত অহৰহ সংগ্ৰাম অব্যাহত ৰখা কোচ ৰাজবংশী জাতীয় সংগঠন  যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ দ্বি বিভক্ত গোট দুটাৰ আজি আনুষ্ঠানিক ভাৱে একত্ৰিকৰণ বৈথক সম্পন্ন হয়। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ স্থায়ী কাৰ্য্যালয় গুৱাহাটীৰ বৰবৰীত আজি দিনৰ ভাগত আয়োজন কৰা হৈছে একত্ৰিত কৰণ বৈথক। উল্লেখ্য যে ; পূৰ্বে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতি বৈষ্ণৱ কোচ গোট আৰু ত্ৰৈলোক্য ৰায় গোট নামৰ দুটা সমান্তৰাল গোটত ভাগ ভাগ হৈ সংগঠন চলি আছিল। সাম্প্ৰতিক সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ স্বাৰ্থত ভিন্ন সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ ঐক্যমতত উপনিত হোৱাৰ স্বাৰ্থত একত্ৰিত হোৱাৰ সংকল্প গ্ৰহণ কৰে। সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ এটা গোটৰ সভাপতি বৈষ্ণৱ কোচ আত ধৰা বৈথকৰ উদ্দেশ্য বাখ্যা কৰে আনটো গোট ত্ৰৈলোক্য ৰায় গোটৰ সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে। বৈথকত কোচ ৰাজবংশী জাতীয় নেতা তথা সংগঠনটোৰ উপদেষ্টা ত্ৰিদ্বীপ পতি সিংহ ; দিগন্ত তালুকদাৰ ; দ্বীপেন্দ্ৰ চহৰীয়া ; বিশ্বজিৎ ৰায় ; দেৱাঞ্জন তালুকদাৰ ; তৰুণ ডেকা ; মিলন কুমাৰ দাসকে ধৰি বহু কেইজন কোচ ৰাজবংশীৰ জ্ঞাতি উপস্থিত থাকে। বৈষ্ণৱ কোচৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বৈথকত দুয়োটা গোট এক হৈ এখন পতাকাৰ তলত সমবেত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে বৈথকৰ সিদ্ধান্ত অনুসৰি দুয়োটা গোটৰ একত্ৰিত যৌথ অধিবেশন অতি শীঘ্ৰে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে লগতে দুয়োটা গোটৰ সভাপতিদ্বয় আৰু সম্পাদক দ্বয়ক অধিবেশনৰ জৰিয়তে জাতিৰ স্বাৰ্থত সেৱা আগবঢ়োৱাৰ মানসিকতা থকা লোকৰ দ্বাৰা সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতি খন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Articles