টি এম পি কেৰ প্ৰতিষ্ঠা দিৱস উদযাপন

সমগ্ৰ অসমৰ লগতে ১৬ অক্টোবৰত সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ টি এম পি কেৰ যোৰহাট জিলা সমিতি তথা আঞ্চলিক সমিতিৰ অন্তৰ্গত প্ৰায় ৫০ খন দলুং কৌবাঙত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উল্লেখনীয় যে ২০২১ বৰ্ষটো টাকাম মিচিং পৰিন কৌবাংৰ সোনালী জয়ন্তী বৰ্ষ। এই গৌৰৱময় সোনালী জয়ন্তীবৰ্ষত ছাত্ৰ-ছাত্ৰী কুইজ প্ৰতিযোগিতা, খেল প্ৰতিযোগিতা, চাফ-চিকুণতা, গছ ৰোপন আদি বিভিন্ন কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱসটো পালন কৰা দেখা গৈছে। ১ নং লাখেৰাজ আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৰমুকলি দলুং কৌবাঙৰ সহযোগত লাখেৰাজ জনজাতি হাইস্কুলত এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত টি এম পি কে যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিছং, লাখেৰাজ জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক ৰাতুল বৰা, শিক্ষক সকল, ছাত্ৰ-ছাত্ৰী আৰু টি এম পি কেৰ ১ নং লাখেৰাজ সমিতিৰ বিষয় ববীয়া সকল উপস্থিত থাকে। টি এম পি কেৰ ১নং লাখেৰাজ আঞ্চলিকৰ সভাপতি দিব্যজ্যোতি পেগুৱে পতাকা উত্তোলন কৰিসদৌ মিচিং ছাত্ৰ সন্থাৰ উদেশ্য আৰু কৰ্মসুচীৰ সম্পৰ্কে ৰাইজক অৱগত কৰাৰ লগতে ছাত্ৰ-ছাত্রীক উদ্দেশ্যি সমাজত চলি থকা যুৱ উৎশৃখল, অপসংস্কৃতি , সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ ভুমিকা ইত্যাদি গঠনমূলক পৰামৰ্শ আৰু সংগঠন তথা ৰাইজৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়।

Related Articles