নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২১ সংখ্যক মুখপত্ৰ ‘নুমলী’ উন্মোচন

বিদ্যালয় এখনৰ প্ৰতিচ্ছবি প্ৰকাশ কৰা অন্যতম মাধ্যম হল বিদ্যালয়খনৰ মুখপত্ৰ খন। গোলাঘাট জিলাৰ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অন্যতম আকৰ্ষণ হ’ল বিদ্যালয়খনৰ মুখপত্ৰ ʼনুমলী ʼ । প্ৰতিবছৰে প্ৰকাশ কৰি অহা নুমলীৰ ২১ সংখ্যক সংখ্যা আজি উন্মোচন কৰা হয়।নুমলীগড় বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জীৱ শৰ্মাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰাৰ লগতে অনুষ্ঠান আঁতধৰে শিক্ষয়িত্ৰী প্লাৱীতা বাঢ়ৈয়ে।চাহ বাগিচা অঞ্চলৰ উক্ত বিদ্যালয়খনে প্ৰতি বছৰে প্ৰকাশ কৰি অহা মুখপত্ৰই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাহিত্যৰ ক্ষেত্ৰত এক ইতিবাচক দিশ আনিব বুলি আশাবাদী বিদ্যালয় কতৃপক্ষৰ লগতে অভিবাৱক সকল।

Related Articles