বৰপেটাত নিশা কাঠ ভৰ্তি ট্ৰাক জব্দ

অবিভাক্ত বৰপেটা জিলাৰ ভৱানীপুৰত কালি নিশা এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে কেইটামান স্থানীয় যুৱকে। নিশা ট্ৰাকখন ভৱানীপুৰৰ মাজেৰে পাৰ হৈ কয়াকুছি যোৱাৰ সময়ত কেইগৰাকীমান যুৱকৰ সন্দেহ ওপজাত ট্ৰাকখন আগুচি ধৰে আৰু ট্ৰাকখন ৰখাই নিৰীক্ষণ কৰাত পাইন কাঠবোৰ দেখিবলৈ পায়। ট্ৰাকখনত ২২.৩ ছিঃ এম পাইন কাঠ আছে বুলি জানিব পৰা গৈছে । মেঘালয়ৰ পৰা কয়াকুছিলৈ গৈ আছিল ট্ৰাকখন। ট্ৰাকখনে কঢ়িয়াই অনা কাঠবোৰ কয়াকুছিৰ কাঠৰ বেপাৰী হানিফৰ বুলি জানিব পৰা গৈছে। ট্ৰাকখনৰ চালান নথকাৰ অভিযোগ উঠিছে। ইপিনে অতিৰিক্ত বোজা কঢ়িয়াই অনাৰো অভিযোগ উঠিছে ট্ৰাকখনৰ বিৰুদ্ধে। ইয়াকে লৈ চালক আৰু যুৱককেইজনৰ মাজত কিছু হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় । তাৰ কিছু সময় পিছতে আৰক্ষীৰ এটি দল আহি ঘটনাস্থলীত উপস্থিত হোৱাত পৰিস্থিতি শাম কাটে। তাৰ পিছতে বৰপেটা ৰোড বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হয়। দলটোৱে কাঠসহ ট্ৰাকখন বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ কাৰ্যলয়লৈ নিয়ে। তেওঁলোকৰ ভাষ্য মতে ট্ৰাকখনে বৈধ চালান লগত আনিছে। উল্লেখযোগ্য যে, বৰপেটা জিলাৰ কেইগৰাকীমান বন মাফিয়াৰ নেতৃত্বত নামনি অসমত কাঠৰ বৃহৎ ছিণ্ডিকেট চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া ।বন বিভাগৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ জিলাখনত নিতৌ ন ন বন মাফিয়াৰ আবিৰ্ভাৱ হৈছে। কাঠৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত হৈ কৌটিপতি হোৱাৰ মানসেৰে একাংশই প্ৰতিযোগিতামূলক মনোভাৱেৰে বন ছিণ্ডিকেটৰ এক এন্ধাৰ জগতত প্ৰৱেশ কৰা দেখা গৈছে। এই ছিণ্ডিকেট চক্ৰটোত কোন কোন জড়িত হৈ আছে সেইয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। 

Related Articles