ছহিদ দয়াল পাণিকা মেম’ৰিয়েল ট্ৰাষ্ট নামেৰে ৫১জনীয়া সমিতি গঠন

ওদালগুৰি জিলাৰ মাজবাট ত ১৭অক্টোবৰত  ১৯৪২ ৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলিৰ ১৩ গৰাকী ছহিদৰ এক অন্যতম ছহিদ দয়াল দাস পাণিকাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এখনি ছহিদ দয়াল দাস পাণিকা মেম’ৰিয়েল ট্ৰাষ্ট নামেৰে এটি ন্যাস সমিতি  গঠণ কৰা হয় ৷ৰামকৰণ গোড়ৰ সভাপতিত্বত মাজবাটৰ জ্ঞান ভাৰতী বিদ্যালয়ত অনুষ্ঠিত  সভা খনৰ আঁত ধৰে শ্যাম মুন পাণিকা আৰু উদ্দেশ্য বাখ্যা আগবঢ়ায় আটছা ওদালগুৰি জিলা সমিতিৰ সম্পাদক বিৰ্জু চাঁওৰাই ৷উক্ত সভাত ৰামকৰণ গোড়ক পৰিচালন সঞ্চালক,অৰুণ প্ৰধান,নৱজ্যোতি কুৰ্মিক উপ পৰিচালন সঞ্চালক,হেমন্ত কুমাৰ মাহাতোক মুখ্য সচিব,শ্যাম মুন পাণিকাক সহ সচিব, ভোলা দাস পাণিকা,বিৰ্জু চাঁওৰা ,লাধু লোহাৰ ,কৈলাশ তাঁতি, ভিকেশ গোড়ক কৰ্ণধাৰ সমিতিৰ সদস্য,আমিৰ খেড়িয়া আৰু এন্টনী খৰাক হিচাপ পৰীক্ষক ৰূপে লৈ  ৫১ জনীয়া ন্যাস সমিতি গঠণ কৰা হয় ৷উক্ত সভাতে এই ন্যাস সমিতিৰ লক্ষ্য উদ্দেশ্য,কাৰ্যক্ৰমণিকা লিপিবদ্ধ কৰিবলৈ এখনি সংবিধান যুগুতাই উলিয়াবলৈ ৰামকৰণ গোড়,অৰুণ প্ৰধান আৰু হেমন্ত কুমাৰ মাহাতোক দায়িত্ব অৰ্পণ কৰা হয় ৷

Related Articles