ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক বুটলি অসমৰ লগতে গোলাঘাটলৈ কঢ়িয়াই আনিলে এক অনন্য সাফল্য। গোৱাৰ মাঠগাঁও নৰছিমহা দামোদৰ নাইট হলত ৮ ,অক্টোবৰত অনুষ্ঠিত হোৱা নেশ্যনেল খেল’ ইণ্ডিয়া , ফিট ইণ্ডিয়াৰ কিক্ বক্সিং প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুঠ দহ জন খেলুৱৈয়ে সোণৰ পদক আনিবলৈ সক্ষম হয়।গোলাঘাট লক্ষীবাৰী উত্তম বল্লভ গোস্বামী, গোলাঘাটৰ দেৱাংগ পল্লৱ শইকীয়া,ৰঞ্জন নাথ,বিশাল গুপ্তা,মিলন বৰতামূলী,অভিনৱ মহন্ত,আৰ্নিশ চাহু,মৃগাংগ বৰ্মন,মেঘা জৈন,মানচি পালে সদ্য সমাপ্ত হোৱা প্ৰতিযোগিতাখনত সোণৰ পদক লাভ কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।গোলাঘাটৰ পৰা যোৱা এই দলটোৰ দলপতি আছিল ৰাজেশ গুপ্তা।

