নগাঁও জিলাৰ কুজাৰবৰি গাঁৱৰ যুৱতী তথা অসমৰ সাহিত্যক্ষেত্ৰখনৰ এটি সম্ভাৱনাময় প্ৰতিভাৰ আঁকৰ বিশেষ ভাবে সক্ষম জোৱলা বৰাক তেওঁৰ নিজা বাসভৱনত দেওবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মঙলদৈৰ এক সম্ভ্ৰমপূৰ্ণ অনুষ্ঠান দেবচণ্সে প্ৰদান কৰিলে দেবচন্স বিশেস সাহিত্য প্ৰতিভা বঁটা।জোৱালা বৰাক এই বঁটা প্ৰদান কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।দেৱচণ্স গ্ৰুপৰ ডাঃ অমৰেন্দ্ৰ নাৰায়ণদেৱে উদ্দেশ্য ব্যাখা কৰা সভাখনিত বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা নটসূৰ্য বঁটা প্ৰাপক ঐশ্বৰ্য্য কাকতি , বিশিষ্ট গৱেষক, পণ্ডিত ডাঃ নগেন্দ্ৰ নাথ শৰ্মা,ৰহাৰ বিধায়ক শশীকান্ত দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা কৰুণাধাৰাৰ উপ-সভানেত্ৰী নীলিমা গোস্বামী,বিশিষ্ট গৱেষক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৰেন কলিতা, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশী, প্ৰমুখ্যে বহুকেইজন গুণী-জ্ঞানী লোক বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে।

সভাত অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা কৰুণাধাৰাৰ উপ-সভানেত্ৰী নীলিমা গোস্বামীয়ে ‘দেবচণ্স আৰু জোৱলা বৰা’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে ৷ইতিমধ্যে দেবচন্সে ২০১৫ চনৰ পৰা বিশেষ ভাবে সক্ষম প্ৰতিভা সকলক এই বঁটা প্ৰদান কৰি আহিছে। চতিয়াৰ ৰশ্মিৰেখা ভূঞা, মঙ্গলদৈৰ জেচমিন আৰা আহমেদ,নগাঁৱৰ ফুলগুৰিৰ শৰ্মিষ্ঠা প্ৰীতম, বৰপেটা বিলতৰীয়াৰ ধ্ৰুৱজ্যোতি দাসৰ দৰে প্ৰতিভাসম্পন্ন অথচ বিশেষভাৱে সক্ষম তৰুণ-তৰণীলৈ উক্ত বঁটা আগবঢ়োৱা হৈছে বুলি ডাঃ নাৰায়ণদেৱে উল্লেখ কৰে ৷ শেহতীয়াকৈ ‘বেদনাৰ মিঠা মাদকতা’, ‘মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ’ আৰু ‘মৌনতা কোলাহল’ আদি গ্ৰন্থৰ স্ৰষ্টা জোৱলা বৰালৈ আগবঢ়োৱা এই বঁটা লাভ কৰি জোৱালাই নিজৰ অনুভৱী অভিমত ব্যক্ত কৰি কয় মোৰ কাৰণে এই বটা অনাকাংক্ষিত প্ৰাপ্তি।আজিৰ দিনটো মোৰ স্মৃতি পটত সজীৱ আৰু সতেজ হৈ ৰৱ।দেৱচণ্সৰ এই বিশেষ সাহিত্য প্ৰতিভা বঁটাত আছে এক লাখ টকাৰ লগতে স্মাৰক বঁটা, কিতাপৰ টোপোলা, অঙ্গ বস্ত্ৰ আৰু ফুলৰ থোপা।


