ধুবুৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এগৰাকী লাট মণ্ডল আৰু এগৰাকী মাটিৰ দালাল। দেওবাৰে গ্ৰেপ্তাৰ লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খান। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ ভয়ত প্ৰায় এমাহ সময় আত্মগোপন কৰি থাকি ১১ অক্টোবৰত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল হজৰত আলী আৰু মিৰ্জা খান। দেওবাৰে দুয়ো জামিনৰ কাগজ লৈ উপস্থিত হৈছিল ধুবুৰী সদৰ আৰক্ষী থানাত। নতুন এক গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। পূৰ্বতে মাটিৰ দালাল 22 জনক গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে ।
তেনে সময়তে পলাতক হৈ আছিল লাট মণ্ডল হজৰত আলী আৰু দালাল মিৰ্জা খান । তেওঁ এজন পৰ্টেল সাংবাদিক বুলিও পৰিচয় দিছিল । বিলাসী গাড়ীত প্ৰেছ লগাই ঘূৰি ফুৰিছিল তেওঁ । দালালি কৰি তেওঁ বিশাল অট্টালিকা নিৰ্মান কৰিছে । যোৱা নিশা হজৰত আলীৰ ঘৰত অভিযান চলাই চৰকাৰী কাৰ্যালয়ৰ বহুতো ফাইলৰ লগতে নীতি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ফাইল জিলা উপায়ুক্তৰ কাৰ্যালয়তেই থাকিব লাগে কিন্তু সেই বোৰ ফাইল মণ্ডল হজৰত আলিৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মনোনয়নৰ পূৰ্বে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী, চকুত চকুলো…
- গুৱাহাটীৰ পল্টন বজাৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ দুই দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী…
- অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, GMCHত চিকিৎসাধীন…
- সাৱধান! পেক কৰা ফলৰ ৰসত প্ৰকৃত ফল কিমান শতাংশ থাকে, জানেনে…
- ভাৰতীয় ষ্টক মাৰ্কেটৰ চেন্সেক্স ৭৩ হাজাৰ অতিক্ৰম ! নিফ্টী ২২,১১২ পইণ্টত মুকলি…
- ব্ৰিটিছ এণ্টাৰ্কটিকত বৃহৎ তেল, গেছৰ ভাণ্ডাৰৰ সন্ধান লাভ কৰিলে ৰাছিয়াই…
- ড০ গজেন মিপুন-মনোজ মিপুনক সভাপতি-সম্পাদকৰূপে নিৰ্বাচিত ! ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন…
- ডাইনী হত্যা-অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত বিভিন্ন সংগঠনৰ শোক প্ৰকাশ…
- হায়দৰাবাদত বিজেপি প্ৰাৰ্থী মাধৱী লতাই মুছলমান মহিলাৰ ভোটাৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাকলৈ উত্তেজনা, এজাহাৰ দাখিল…
- মায়া নগৰী মুম্বাইত ধূলিৰ ধুমুহাৰ সংহাৰ…