লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইশ্বন চমুকৈ লুড’ৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু এন এইচ পি চিৰ আৰ্থিক সাহায্যত ২২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ফুটবলৰ মহাৰণ ৷ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিত্বীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা উক্ত ফুটবল প্ৰতিযোগিতাখনত অসমৰ বহুকেইটা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰাৰ লগতে মেঘালয়ৰ আগশাৰীৰ ফুটবল দল ৱাৰিয়ৰছ্ মেঘালয় ফুটবল দলেও অংশগ্ৰহণ কৰিছে ৷ আজি সোমবাৰে অনুষ্ঠিত হোৱা এখন সংবাদ মেলত এই কথা সদৰী কৰে লুড’ৰ কৰ্মকৰ্তা সকলে ৷সংবাদমেলত তেওঁলোকে জনোৱা মতে লুড’ই সমগ্ৰ গোগামুখত ফুটবলৰ জোৱাৰ অনাৰ উদ্দেশ্যে এনদৰে বৃহৎ ফুটবল খেল প্ৰতি বছৰে আয়োজন কৰিছে আৰু লুড’ই ইতিমধ্যে সমগ্ৰ গোগামুখত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰো যুৱ সমাজ কৰ্মী তথা প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ সভাপতি তীৰ্থপ্ৰতীম পেগুৰ নেতৃত্বত চলিছে প্ৰতিযোগিতাখনৰ সফল উদ্যাপনৰ সকলো ধৰণৰ প্ৰস্তুতি ৷সংবাদ মেলত উপস্থিত থাকে লুড’ৰ সভাপতি লক্ষীকান্ত পেগু, সম্পাদক দ’কে দলে, ৰত্ন চুংক্ৰাং, ছান কুমাৰ পাংগিং, ভৱেন মিলি, কমল কিৰণ পেগু, ৰাজু চিন্তে, বিদ্যুৎ দলে আৰু লুড’ৰ কৰ্মকৰ্তা সকলে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…