লাহৰীঘাটত ১০ বছৰীয়া কিশোৰী নিৰুদ্দেশ

লাহৰীঘাট থানাৰ সন্মুখৰ পৰা এগৰাকী ১০ বছৰীয়া আবিদা খাতুন নামৰ কিশোৰী নিৰুদ্দেশৰ বাতৰি আজি লাহৰীঘাট থানাত কিশোৰীৰ মাতৃ নুৰ খাতুনে এজাহাৰ দাখিল কৰিছে। মাতৃ নুৰ খাতুনে দিয়া ঘটনাৰ বিৱৰণী মতে নিৰুদ্দেশ আবিদা খাতুনৰ পিতৃ আব্দুল মতিন আৰু মাতৃ নুৰ খাতুনৰ ঘৰ হোজাই জিলাৰ ডবকাৰ ষাঢ় গাঁও চুইচ গেটত। বিগত এমাহ ধৰি আবিদা খাতুন তাইৰ নানাৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত হামু চৰত ফুৰিবলৈ আহি ৰৈ গৈছিল। যোৱা কালি ১৭ অক্টোবৰত হামু চৰৰ পৰা লঞ্চেৰে বজাৰ কৰিবলৈ অহা লোকৰ লগত আহি থানাৰ সন্মুখত মাকে ডবকাৰ পৰা আহি লই যাব বুলি অপেক্ষা কৰি আছিল। ইপিনে মাকে ডবকাৰ পৰা আহি ছোৱালী জনীক থানাৰ সন্মুখত বিচাৰি নাপাই মৰিতলী গাঁৱত পিতৃ পৰিয়ালৰ ঘৰ আৰু ওচৰ চুবুৰীয়াৰ পৰাও আবিদা খাতুনৰ  সন্ধান বিচাৰে যদিও কোনো শুং সূত্র নাপাই অৱশেষত আজি লাহৰীঘাট থানাত নিৰুদ্দেশ বুলি এজাহাৰ দিয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দিয়া বিৱৰণ মতে ছোৱালীৰ জনীৰ সন্ধান পায় তেন্তে 8822435710  অথবা  9365747696 এই দুটা নম্বৰত যোগাযোগ কৰি জনাবলৈ অনুৰোধ জনাইছে পিতৃ মাতৃয়ে। 

Related Articles