অসম সাহিত্য সভাৰ ১৯১৯ বৰ্ষৰ বৰপেটা অধিবেশনৰ সভাপতি,ভাষাবিদ কালিৰাম মেধিৰ ওপজা দিনৰ লগত সংগতি ৰাখি ৰামদিয়া জ্ঞানোদয় সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা হ’য় অভিভাষণৰ শতবৰ্ষ । হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰনগৰী ৰামদিয়াৰ সু সন্তান অসম সাহিত্য সভাৰ তৃতীয় গৰাকী সভাপতি ভাষাবিদ কালিৰাম মেধি দেৱৰ সাহিত্য সভাৰ ভাষণৰ শতবৰ্ষীয় অনুষ্ঠানটি ৰামদিয়া জ্ঞানোদয় সাহিত্য সভাৰ উদ্যোগত কালিৰাম মেধি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । জ্ঞানোদয় সাহিত্য সভাৰ সভাপতি অতুল চন্দ্ৰ কাকতিয়ে পতাকা উত্তোলেনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে, কালিৰাম মেধি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ দাসে স্মৃতি তৰ্পন কৰাৰ পিছত অঞ্চলটিৰ ১০০ গৰাকী বিশিষ্ট ব্যক্তিয়ে ১০০ গচি বন্তি প্ৰজ্বালন কৰে আৰু দূপৰীয়া ১১ বজাত জ্ঞানোদয় সাহিত্য সভাৰ সভাপতি অতুল চন্দ্ৰ কাকতিৰ পৌৰহিত্যত মুকলি আলোচনা সভা অনুষ্ঠিত হয় ,আলোচনা সভাত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অতুল চন্দ্ৰ দাস ,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জ্যোষ্ঠ সহকাৰী অধ্যাপক ড: পৰশমণি দাসৰ লগতে কালিৰাম মেধিদেৱৰ নাতি শ্যামভদ্ৰ মেধিদেৱৰ লগতে কেইবাগৰাকী বিশিষ্ট অতিথিয়ে অনুষ্ঠানটিত অংশ গ্ৰহণ কৰি সভাৰ সৌষ্ঠৱ বৰ্ধন কৰে।

