নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ (নয়নপুৰ চুবুৰী) নিৱাসী,তথা সমাজকৰ্মী প্ৰতুল দাসৰ (৫০) কালি পুৱা ১০:৩০ মান বজাত জ্বৰত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়।উল্লেখ যোগ্য যে দাসে ঘগ্ৰাপাৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সৈতে জড়িত থকাৰ উপৰিও ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ সভাপতি পদতো কাৰ্যনিৰ্বাহক কৰিছিল।জীৱিত অৱস্থা দাসে ঘগ্ৰাপাৰ চ’কত ব্যবসায়িক প্ৰতিষ্ঠান দি পৰিয়াল পোহ-পাল দিছিল যদিও দোকান এৰি ৰঙিয়াস্থিত ফাটেমা কনভেট স্কুলত চতুৰ্থবৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল।দাসে বিজেপি দলৰ এগৰাকী কৰ্মী হিচাপেও মৃত্যুৰ আগমুহূৰ্তলৈ কাম কৰি আহিছিল। তেওঁৰ মৃত্যুৰ বাতৰি আজি বিয়পি পৰাত অঞ্চলৰ দল-সংগঠন, ৰঙিয়া ফাটেমা কনভেটৰ শিক্ষক-কৰ্মচাৰী,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বুবুল দাস,ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালী,বাঘমাৰা গাঁও উন্নয়ন সমিতি, বড়িগোগ বনভাগ জ্যেষ্ঠ নাগৰিক সন্মিলন, বিজেপিৰ বাঘমাৰা (ক) বুথৰ সাধাৰণ সম্পাদক কিশোৰ ভৰালী,,উপসভানেত্ৰী প্ৰনিতা ভৰালী,ঘগ্ৰাপাৰ বজাৰ সমিতিৰ,ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ বিষয়ববীয়া আদিয়ে শেষ শ্ৰদ্ধা নিবেদন জনায়।ইফালে দাসৰ মৃত্যুৰ বাতৰিৰ পিছত তেওঁৰ গৃহত ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,বাঘমাৰা বুথ বিজেপিৰ সভাপতি পুলেন কলিতা, আদিয়ে উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰে।আনহাতে দাসৰ মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বাপন চক্ৰৱৰ্তী আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞানপ কৰে।তেওঁ মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী পুত্ৰ আৰু এজনী জীয়ৰী ইহ সংসাৰত এৰি যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…