ওদালগুৰি জিলা দেউলগুৰি গাওঁ পৰিচালনা সমিতিৰ উদ্যোগত ২০২১ বৰ্ষৰ দশম দ্বাদশ আৰু স্নাতকোত্তৰ চূড়ান্ত পৰিক্ষাত উত্তিৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক মংগলবাৰে ১৯ অক্টোবৰ তাৰিখে দেউলগুৰি বাথৌ থানশালিত সম্বৰ্ধনা জনোৱা দেখা যায় ।উল্লেখ্য যে দেউলগুৰি গাঁও পৰিচলনা সমিতিয়ে গাও খনৰ শৈক্ষিক মান দণ্ড বৃদ্ধি কৰাৰ বাবে প্ৰতিবছৰে গাও পৰিচলনা সমিতিৰ দ্বাৰা দশম দ্বাদশ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ উত্তিৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানৰে ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰি আহিছে।সংশ্লিষ্ঠত এইবেলিও ২০২১ বৰ্ষৰ কৃতি ছাত্ৰ ছাত্ৰীক দেউলগুৰি গাঁও পৰিচালনা সমিতিয়ে ১৯ অক্টোবৰ দিনা দেউলগুৰি বাথৌ থানশালিত কলাইগাও এবছুৰ সভাপতি ফিৰোজ কান্ত বসুমতাৰী শিক্ষা সম্পাদক জ্যুতি দৈমাৰী উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে গাঁও পৰিচালনা সমিতিৰ এনে পদক্ষেপক ব্যাপক প্ৰশংসা কৰাৰ পৰিলক্ষিত হয়।

