বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বনঘুগী গাঁওত কালি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয়। উক্ত অগ্নিকাণ্ডৰ ঘটণাত প্ৰায় ৪০ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সুম্পূর্ণৰূপে ভস্মীভূত হৈ যায়। উল্লেখ্য যে, বিজুলী বিজুতি ঘটাৰ ফলত সংঘটিত এই ঘটণাত গাওঁখনৰ ক্ৰমে মতিয়াৰ ৰহমান, আফজালুৰ ৰহমান, আজাহাৰ আলী, ৰফিকুল ইছলাম,হানিফ আলি,নজিৰ হুছেইনকে ধৰি মুঠ সাতজন লোকৰ ঘৰত জুই লাগে। পিছে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত ঘৰৰ পৰা ততাতৈয়াকৈ মানু্হখিনি ওলায় আহে। ইপিনে সাতখন ঘৰৰ লগতে ঘৰৰ ভিতৰত থকা সকলো নথি-পত্ৰ, মৰাপাট ,হাঁহ-কুকুৰা, ছাগলীৰ লগতে আ-অলংকাৰ অাদি কৰি অনুমান প্ৰায় ৪০ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সম্পুৰ্ণৰূপে পুৰি ছাই হৈ যায়। সম্প্ৰতি এই ঘটণাই অঞ্চলবাসীৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰণিধানযোগ্য যে, ঘৰৰ ভিতৰত চিলিণ্ডাৰ থকাৰ কাৰণে ভয়তে অগ্নি নির্বাপনৰ কাৰণে স্থানীয় ৰাইজে কাষ চাপিব পৰা নাছিল। পিছে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক ফোনযোগে অৱগত কৰে যদিও নিমিষতে বয়-বস্তু পুৰি সম্পূৰ্ণ ছাই হৈ যায়। আজি বৰভিঠাত এটা অগ্নি নিৰ্বাপন সেৱাৰ ব্যৱস্থা থাকিলে ইমানখিনি ক্ষতিগ্ৰস্ত নহলেহেঁতেন বুলি ৰাইজে মন্তব্য কৰে। ইপিনে স্থানীয় ৰাইজৰ লগতে দুৰ্ভগীয়া ক্ষতিগ্ৰস্ত পৰিয়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অাৰ্থিক সাহায্য প্ৰদানৰ অাহ্বান জনোৱাৰ লগতে বৰভিঠাত অগ্নি নিৰ্বাপন সেৱা কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…