Breaking

দীৰ্ঘদিনীয়া বন্ধ ৰ পিচত খোলখালে ২নং নলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উচ্চ প্ৰাথমিক শ্ৰেনীবোৰ

0 2,014

কৰোনা মহামাৰীৰ বাবে  বন্ধ হৈ পৰা  উচ্চ প্ৰাথমিক  আৰু মধ্য প্ৰাথমিক বিদ্যালয় সমূহ ১৯অক্টোবৰৰ পৰা কভিড বিধি মানি খোল খালে  ৷            কভিড মহামাৰীৰ বাবে ৬ মাহ ধৰি বন্ধ হৈ পৰা বিদ্যালয় সমূহ  ১৯অক্টোবৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া  নিয়ম মানি  আৰম্ভ হল বিদ্যালয় পাঠদান সমূহ।ৰাজ্যৰ বিভিন্ন বিদ্যালয় সমূহৰ লগতে  ওদালগুৰি জিলাৰ জিলাৰ ওদালগুৰি শিক্ষা সংমণ্ডলৰ অৰ্ন্তগত ১৯৭৯ চনত স্থাপিত ২নং নলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি  ৰাতিপুৱা ৯ বজাৰ আৰম্ভ হৈছে পাঠদান । বিদ্যালয় খনৰ ছাত্র ছাত্রী সকলে মাস্ক , চেনিটাইজাৰ , সামজিক দূৰত্ব ব্যৱহাৰ কৰি বিদ্যালয়ৰ শ্ৰেণী কোঠাত  বহি পাঠদান কৰে । বিদ্যালয় খনৰ আদৰ্শ,কৃতি  প্ৰধান শিক্ষক দীনেশ্বৰ বৰুৱাই  সাংবাদিক ক জানিব দিয়ে যে  ৭৪৮গৰাকী ছাত্র ছাত্রী থকা  চৰকাৰী বিদ্যালয় খনত চৰকাৰী নীতি নিয়ম আৰু শিক্ষা বিভাগৰ নিৰ্দেশনা  মানিপাঠদান চলাই থকা হৈছে ৷ইতিমধ্যে যোৱা ২০ছেপ্তেম্বৰৰ পৰা দশম আৰু অক্টোবৰ পৰা নবম শ্ৰেনী সমুহৰ পাঠদান নিয়মীয়া চলি থকা দেখিবলৈ পোৱা গৈছে এই বিদ্যালয়ত অনতিপলমে উচ্চতৰ মাধ্যমিক শ্ৰেনী সমুহ মুকলি কৰা হব বুলি প্ৰধান শিক্ষক গৰাকীয়ে জনাইছে ৷

Leave A Reply