বৰাকত বৰাক ডেমক্ৰেটিক যুৱ ফ্ৰণ্ট আৰু সদৌ বাঙালী যুৱ ছাত্ৰ সন্থা নামৰ দুটা সংগঠনে ভাৰত চৰকাৰৰ জল জীৱন আঁচনীৰ এখন বেনাৰত থকা অসমীয়া ভাষাৰ লিপিত কলা ৰং সানি অপমান কৰা বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে তিনিচুকীয়া জিলাৰ প্ৰাক্তন আলফা স্বাধীনৰ ঐক্যমঞ্চই আজি পেঙেৰীত এক সংবাদমেল আয়োজন কৰি এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদমেলত প্ৰাক্তন আলফা স্বাধীনে উক্ত বঙালী সংগঠন দুটাৰ সকীয়নি প্ৰদান কৰাৰ লগতে যি দল সংগঠনে নহওক অসমীয়াৰ স্বাভিমান, অসমীয়া জাতি,ভাষ সংস্কৃতিৰ ওপৰত আঘাত সনা কৰ্ম কাণ্ড চলাই আহিছে তাৰ বিৰূদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰাক্তণ আলফা স্বাধীন তিনিচুকীয়া জিলা ঐক্যমঞ্চৰ সম্পাদক ৰয়দীপ মৰাণে সংবাদমেলত দিয়া অভিযোগ অনুসৰি চুবুৰিয়া ৰাষ্ট্ৰ ম্যানমাৰত যি ধৰণে ৰহিঙ্গীয়া সকলে ম্যানমাৰৰ লোকৰ ওপৰত অত্যাচাৰ কৰিছিল,পিছত ম্যানমাৰৰ পৰা ৰহিঙ্গীয়া সকলক খেদি পঠিওৱাৰ দৰে অসমত অসমীয়া ভাষা,সংস্কৃতি বিৰোধী কাৰ্যত লিপ্ত সকলকো অসমীয়াই খেদি পঠোৱাৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ সন্দেহ কথা সদৰী কৰি তেনে সময় যেন সমাগত হৈ পৰিছে বুলি সকীয়নি প্ৰদানেৰে অখ্যাত সংগঠন দুটাই পুৰণ তেনে কাৰ্যত লিপ্ত হলে প্ৰাক্তণ আলফা ঐক্য মঞ্চ কোনো কাৰণতে হাত সাৱটি বহি নাথাকে বুলিও স্পষ্ট কৰে ।উক্ত অসম বিৰোধী কাৰ্যত লিপ্তত জড়িত সকলক অতি সোনকালে চৰকাৰে গ্ৰেপ্তাৰ কৰি উচিৎ ব্যৱস্থা প্ৰদান কৰিবলৈও আলফা ঐক্যমঞ্চই দাবী জনাইছে।ইফালে অসমীয়া ভাষাক লৈ ৰাজনীতি নকৰিবলৈ আহবান জনাই অসমীয়া বিৰোধী কৰ্মত লিপ্ত সংগঠন দুটাক কংগ্ৰেছ দলে যি ৰক্ষণাবেক্ষণৰ চেষ্টা চলাই আহিছে তাৰ পৰা বিপৰিতে অসমীয়া বিৰোধী কৰ্মত লিপ্ত সংগঠন দুটাক কংগ্ৰেছ দলে যি ৰক্ষণাবেক্ষণৰ চেষ্টা চলাই আহিছে তাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে প্ৰাক্তণ আলফা ঐক্য মঞ্চই ।আজি প্ৰাক্তণ আলফা ঐক্যমঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰা সংবাদমেলত আলফা স্বাধীনৰ প্ৰাক্তণ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ সদস্য উপস্থিত আছিল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…