কিয় মেৰামতিৰ কাম আৰম্ভ হোৱা নাই বৰপেটা-দৌলাশাল-গুৱাহাটী পথটোৰ ভেল্লাৰ জৰাজীৰ্ণ অংশছোৱা?

 কিয় আজিলৈকে মেৰামতিৰ কাম আৰম্ভ হোৱা নাই বৰপেটা-দৌলাশাল-গুৱাহাটী পথটোৰ ভেল্লাৰ জৰাজীৰ্ণ অংশছোৱা? কেতিয়া মেৰামতি হব পথটোৰ ভেল্লাৰ জৰাজীৰ্ণ অংশছোৱা? ৰাইজে বাৰাম্বাৰ দাবী জনোৱাৰ পিছতো মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কিয় গুৰুত্ব দিয়া নাই? কাৰ হেমাহিৰ বাবে ৰাইজে এই গুৰুত্বপূৰ্ণ মুল পথটোৰ মাজেৰে যাতায়ত কৰি ভূগিব লগা হৈছে দূৰ্ভোগ ? এইদৰে প্ৰশ্ন উত্থাপন কৰিছে বৰপেটা-দৌলাশাল-গুৱাহাটী পথটোৰ মাজেৰে অহা যোৱা লোকে। বিগত দুটা বছৰে পথটো অতি ভয়াবহ ৰূপ লৈছে। যাৰ ফলত পথটোৰ অংশছোৱাত দৈনিক ঘটি আছে  ভয়াবহ দূৰ্ঘটনা। বৰপেটাৰ ভেল্লাৰ দ্বৰ্গাহপুৰৰ মাজেৰে বিগত দুই বছৰে ভয়াবহ অৱস্থাৰ মাজেৰে যাতায়ত কৰি ৰাইজে যমৰ যাতনা ভূগি কৰিব লগা হৈছে । মুল পথটোৰ এই শোচনীয় অৱস্থাৰ বাবে ইতিমধ্যে বহুত লোক দূৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। পথটোৰ ওপৰত অতি দ’ খালৰ সৃষ্টি হৈছে। দৈনিক গুৱাহাটী-বৰপেটালৈ হাজাৰ হাজাৰ যান বাহন অহা যোৱা কৰে পথটোৰ এই জৰাজীৰ্ণ অৱস্থাৰ মাজেৰে। এজাক বৰষুণতে একাঁঠুলৈকে পানী জমা হয় এই জৰাজীৰ্ণ অংশছোৱাত। ফলত গাত চিনি নোপোৱা হয় ৰাইজে। যাৰ বাবে ৰাইজে অতি ভয় আৰু শংকাৰ মাজেৰে যাতায়ত কৰিব লগা হয়। সকলো পক্ষই দেখে কিন্তু কোনোৱে কামটো মেৰামতি নতুবা নিৰ্মাণ কৰাৰ বাবে নিদিয়ে গুৰুত্ব। ৰাইজে বাৰাম্বাৰ দাবী জনাইছে যদিও ৰাইজৰ দাবীক সহাৰি নিদিয়ে বিভাগে। অতি শীঘ্ৰেই মেৰামতিৰ কাম কৰাৰ বাবে দাবী জনাইছে ৰাইজে।অন্যথা ৰাজপথত আন্দোলন কৰিব বুলি সকিয়াই দিছে।

Related Articles