দুৰ্গা পূজাৰ পিছৰ পৰাই উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল গভীৰ সংকটৰ সন্মুখীন হোৱা দেখা গৈছে । চাহ বাগিছাৰ পাত মালিকে নিজেই তুলিব নে কৰ্মচাৰীক তুলিব দিব ই অতি দুখ জনক ? বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া জিলাত থকা প্ৰায় ত্ৰিশ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে । জিলা খনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহ পাত বিক্ৰী কৰিয়েই নিজৰ পৰিয়াল পোহপাল দি আহিছে। দুৰ্গা পূজাৰ সুযোগ লৈ এটা শক্তিশালী চক্ৰই অতি কৌশলৰে কেঁচা চাহ পাতৰ দাম নিম্ন কৰি অধিক মুনাফা লুটাৰ ফলত চাহ পাতৰ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাই দেখা দিছে । ক্ষূদ্ৰ চাহ খেতিয়ক সকলক ৰাম টাঙোন দি অভাৱনীয় ভাৱে বটলিফ ফেক্টৰীৰৰ মালিক পক্ষই প্ৰতি দিনাই হ্ৰাস কৰি আহিছে কেচা চাহ পাতৰ দৰ। যাৰ ফলত, এই বছৰত কভিড কালিন পৰিস্থিতিৰ পিছত পুনৰ পূজাৰ পিছে পিছে ব্যাপক ভাৱে লোকচান হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া অঞ্চলত বসবাস কৰা চহা খেতিয়ক সকলৰ উপাৰ্জনৰ মুল কেন্দ্ৰ হৈছে কেঁচা চাহপাত। বৃহত্বৰ ফিল’বাৰী, কৰিয়াজন, কুজুপথাৰ, কঠালগুৰি লগতে বুঢ়ীদিহিং মৌজাৰ প্ৰতিখন গাঁৱৰ প্ৰায় লোকৰ ঘৰে গড়ে প্ৰায় দুই বিঘাকৈ ক্ষুদ্ৰ চাহ বাগিচা আছে। আনহাতে চাহ বাগিচাত ব্যৱহাৰ কৰা কিটনাশক দ্ৰব্য সমুহৰ দৰ হ্ৰাস কৰিবলৈ চৰকাৰ সক্ষম হোৱা নাই । বিগত বৰ্ষত ৰাজ্যত কেঁচা চাহপাতৰ দাম বৃদ্ধি হোৱাৰ বাবে বাহ বাহ লোৱা ৰাজ্য চৰকাৰে কিন্তু বৰ্তমান সময়ত কেচা চাহপাতৰ দৰ হ্ৰাস হোৱাত একেবাৰে নিমাতে থকাৰ অভিযোগ কৰিছে স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।বিগত বৰ্ষৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৩৫ টকাৰ পৰা ৪০ টকা লৈকে কেজি কেঁচা চাহ পাতত লাভ কৰিছিল কিন্তু বৰ্তমান সময়ত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে প্ৰতি কেজিত মাত্ৰ ৬ টকাৰ পৰা ১০ টকা ভিতৰত দৰ লাভ কৰিছে। প্ৰণিধান যোগ্য যে বৰ্তমান সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত প্ৰতি কিলোগ্ৰাম কেঁচা চাহ পাতৰ উৎপাদনী ব্যয় হয় প্ৰায় ১৫.৫০ টকা। আজিৰ তাৰিখত বটলিফ ফেক্টৰী সমূহে দৈনিক দুই টকাৰ পৰা চাৰি টকা পৰ্য্যন্ত কেঁচা পাতৰ মূল্য হ্ৰাস কৰিছে। ক্ষুদ্ৰ চাহ খেতিয়ক সকলে আশা কৰে যে, চৰকাৰে এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…