শোণিতপুৰ জিলাৰ ইটাখোলাৰ সমীপ কেৰাণীপাম গাঁওৰ পৰা যোৱা ১২ অক্টোবৰৰ পৰা ২ বছৰীয়া কণ্যা সন্তানৰ সৈতে মহিলা নিৰুদ্দেশ হৈ আছে । জানিব পৰা মতে ইটাখোলা সমীপৰ জামুগুৰি থানাৰ অন্তৰ্গত কেৰাণীপাম গাঁওৰ দিগন্ত শইকীয়া (২৫) ৰ পত্নী জাহ্নৱী দাস শইকীয়া (২৩) য়ে নিজ ২ বছৰীয়া কণ্যা সন্তান সুমিত্ৰা শইকীয়াৰ সৈতে দূৰ্গা পূজাৰ মাজতে অৰ্থাত ১২ অক্টোবৰ দিনাৰ পৰা নিৰুদ্দেশ হৈ আছে । পতী দিগন্ত শইকীয়াই জানিব দিয়া মতে ১২ অক্টোবৰৰ দিনা ৰাতিপুৱা চতিয়াস্থিত পহুচোৱা গাঁওৰ নিজ মাকৰ ঘৰলৈ যাম বুলি ওলাই অহা জাহ্নৱী আজি পৰ্যন্ত মাকৰ ঘৰলৈ গৈ নেপাই নিৰুদ্দেশ হৈ আছে । উক্ত দিনাই মাকৰ ঘৰলৈ গৈ নোপোৱাৰ পিছৰ পৰা দিগন্তই নিজ পৰিয়ালৰ লগতে বহু ঠাইত বিছাৰে যদিও আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম নহল । এই সন্দৰ্ভত দিগন্তই জামুগুৰি থানাত জনাই যদিও জামুগুৰি আৰক্ষীও আজি লৈকে নিৰুদ্দেশ হোৱা মহিলা গৰাকীৰ লগতে শিশুটিৰ কোনো সম্ভেদ পোৱা নাই ।

