ৰাজ্য জুৰি অব্যাহত আছে কৰ’ণাৰ ঢৌৰ জুৰুলা পৰিবেশ।এই পৰিবেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি।ইয়াৰ মাজতে হুৰাহুৰে বৃদ্ধি পাব ধৰিছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য । আৰু এই মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে বৰ্তমান চৰকাৰ খনে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিয়ে সাতটা দাবীৰ সন্মিলিত গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি আব্দুছ ছামাত সৰকাৰ, জিলা তত্বাৱধায়ক হুকুম চান্দ আলী বক্সিৰ লগতে জিলা কংগ্ৰেছ কমিটিৰ তিনি সহস্ৰাধিক বিভিন্ন স্তৰৰ বিষয়ববীয়া সকলে, প্ৰতিবাদ স্থলীত বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে গোৱালপাৰা জিলা উপায়ুক্তৰ চৌহদ |বৰ্তমান বি জে পি চৰকাৰ দিনত যিদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈ আছে তাৰ উপৰত পৰৰ্বতী সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হব লক্ষণীয় |

