সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিয়ে জাগুনত এটা অগ্নি নিৰ্বাপক বাহিনীৰ ষ্টেচন স্থাপন কৰাৰ দাবীত মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে তিনিচুকীয়া জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।উক্ত স্মাৰক পত্ৰৰ প্ৰতিলিপি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাদেৱকো বিধায়ক কাৰ্যালয়ত প্ৰদান কৰে সংগঠনটোৰ নেতৃত্বই। উল্লেখ যে বৃহত্তৰ জাগুন অঞ্চলটোত অগ্নিনিৰ্বাপক বাহিনীৰ কোনো ব্যবস্থা নথকাৰ ফলত বিভিন্ন সময়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত সময় মতে অগ্নি নিৰ্বাপন কৰিব নোৱাৰাত ক্ষয়ক্ষতিৰ পৰিমাণ অধীক হোৱাত ভুক্তভোগীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। এইক্ষেত্ৰত জাগুন অঞ্চলত অগ্নিনিৰ্বাপক বাহিনীৰ এটা ষ্টেচন তাৎক্ষণিক ভাৱে স্থাপন কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে।

