মাজুলীৰ বিশিষ্ট সমাজ কৰ্মী, আজীৱন শিক্ষাব্ৰতী, কৃতী শিক্ষক ,অৰুণ বৰাৰ স্মৃতিত আজি এখন স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ।যোৱা ২৮ এপ্ৰিলত গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে নামনি মাজুলীৰ বহু প্ৰজন্মৰ শিক্ষা গুৰু অৰুণ বৰাৰ মৃত্যু হৈছিল। আজি দুপৰীয়া নামনি মাজুলীৰ বিৰিণাবাৰীৰ অৰুণ বৰাৰ নিজা বাসগৃহত উক্ত স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয় । অৰুণ বৰাৰ ছয় মহীয়া আদ্য শ্ৰাদ্ব উপলক্ষে অনুষ্ঠিত উক্ত স্মৃতি চাৰণ সভাখন পৰিচালনা কৰে সাংবাদিক যদু কলিতাই । অনুষ্ঠানত অৰুণ বৰাৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তৃতা দিয়ে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ টাহুয়ে । অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি পৰমানন্দ নাথে । উক্ত, স্মৃতি চাৰণ সভাত বিশিষ্ট অতিথি হিচাপে মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সমাজকৰ্মী উমাকান্ত ৰাজখোৱা, বালিচাপৰি প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সভাপতি আনন্দ বৰঠাকুৰে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে । উক্ত স্মৃতি চাৰণ সভাতে অৰুণ বৰাৰ জীৱন আৰু কৰ্মৰ ওপৰত যুগুত কৰা, ৰাজীৱ দত্ত ভূঞা সম্পাদিত সোঁৱৰণী গ্ৰন্থ ” কল্পতৰু” উন্মোচন কৰে মাজুলীৰ অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া জগন্নাথ দুৱৰীয়াই । সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰি অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়াজনে তেওঁৰ কাৰ্য কালত কৃতী শিক্ষক অৰুণ বৰাৰ সান্নিধ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত স্মৃতি চাৰণ সভাত “কল্পতৰু” ৰ প্ৰকাশক মুনীন বৰাই শলাগ জ্ঞাপন কৰে । অৰুণ বৰাৰ পত্নী মাকন বৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।স্মৃতি চাৰণ অনুষ্ঠানৰ পাছত দহখন গাঁৱৰ ৰাইজে নাম কীৰ্তন পৰিৱেশন কৰে ।

