মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি “ৰাম বিজয়” অংকীয়া নাটখন সমগ্ৰ ৰাজ্য কিম্বা দেশৰ ভিন্ন স্থানৰ লগতে বিদেশতো পৰিবেশন হৈ আহিছে যদিও শেহতীয়া ভাবে মহাপুৰুষ জনাৰ “ৰাম বিজয়” অংকীয়া নাটখন এক ব্যতিক্ৰমী ৰূপত প্ৰদৰ্শিত হয় গুৱাহাটী মহানগৰীৰ খানামুখ ৰাইজৰ উদ্যোগত অনুষ্ঠিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ মঞ্চত । উল্লেখনীয় যে মহানগৰীৰ খানামুখ ৰাইজ গয়ৰহৰ উদ্যোগত আয়োজিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সৈতে সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰাম বিজয়” অঙ্কীয়া নাটখন পৰিবেশন কৰে দক্ষিণ কামৰূপৰ বকোৰ ঐতিহাসিক ছমৰীয়া সত্ৰৰ এটা শিল্পী গোষ্ঠীয়ে । নাটখন মঞ্চস্থ কৰাৰ ব্যতিক্ৰম এই কাৰণেই যে অংকীয়া নাটখন মঞ্চস্থ কৰা আটাইয়েই আছিল মহিলা শিল্পী । তাৎপৰ্যপূৰ্ণ এই যে মহিলাৰ দ্বাৰা সম্পূৰ্ণ অভিনীত অংকীয়া নাট নামনি অসমত এয়াই প্রথম । অংকীয়া নাটখনৰ পৰিচালনা ৰাতুল ভৰালী , কৰ্ণ মহন্ত , কমল ভৰালী আৰু লক্ষ্মীনাথ বায়নৰ । সূত্ৰধাৰ দিবাকৰ কলিতা । সংগীত ব্যৱস্থাপনা আছিল ৰাজীৱ দাস আৰু যুথিকা কলিতাৰ । উল্লেখ্য যে “ৰাম বিজয়” অংকীয়া নাটখন মঞ্চস্থ কৰা মহিলা শিল্পী সকল আছিল ক্ৰমে ময়ূৰাক্ষী ভৰালী , জুমি দাইনাপালি , চুমি দাইনাপালি , দীপান্বিতা কলিতা , ছিয়াস্মিতা কলিতা , বৰষা দাস , বিষ্ণুপ্ৰিয়া বৈশ্য আৰু মূৰ্ছনা মহন্তৰ লগতে আন কেবাগৰাকী মহিলা শিল্পী । লক্ষণীয় যে মহিলা শিল্পী সকলে মঞ্চস্থ কৰা “ৰাম বিজয়” অংকীয়া নাটখন উপভোগ কৰি দৰ্শক-ৰাইজ আপ্লুত হৈ পৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দৰিদ্ৰতাক নেঁওচি জুয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ ভৰ্ষিতা
- উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হাৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা…
- পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল ! পথ দুৰ্ঘটনাত নিহত ৰমেন বিশ্বাস উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত…
- ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতা…
- উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হাৰত কলা বিজ্ঞান বাণিজ্য শাখাত নিম্ন স্থানত কোন কোন জিলা…
- ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মূল্যৰ বিশেষ টিকট মুকলি…
- উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাণিজ্য শাখাত প্ৰথম স্থানত শিৱসাগৰ জিলা, ভূ-বিজ্ঞান বিষয়ত অসমৰ ভিতৰত প্ৰথম নাজিৰাৰ মেজেঙ্গা কেতেকীবাৰীৰ স্নেহা কুৰ্মী…
- Laapataa Ladiesত অভিনয় কৰা নিতাংশী গোৱেল কোন? যাৰ অভিনয়ে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিছে…
- আই পি এলঃ ৰাহুলক ককৰ্থনা LSGৰ স্বত্বাধিকাৰ সঞ্জীৱ গোৱেংকাৰৰ! অনুৰাগীৰ খং…
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ…