এসময়ত ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে খ্যাত আছিল। এই অঞ্চলৰ মোহনাঘাটৰপৰা থলুৱাভাৱে উৎপাদিত বিভিন্ন সা-সামগ্ৰী ব্ৰহ্মপুত্ৰয়েদি বংগোপসাগৰৰ জৰিয়তে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছিল আৰু লগতে ইয়ালৈ আমদানিও হৈছিল। অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াত ডিব্ৰুগড়ৰ নদী বন্দৰৰ ভূমিকা ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ। এই দিশত ডিব্ৰুগড়ৰ পূৰ্বৰ গৰিমা পুনৰ ঘূৰাই অনাৰ লক্ষ্যৰে আজি বগীবিলৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰটো পৰিদৰ্শন কৰে কেন্দ্ৰীয় জলপৰিবহন, আয়ুষ, বন্দৰ আৰু জাহাজ মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে ইয়াত প্ৰস্তাৱিত কাৰ্গ’ টাৰ্মিনেল তথা পৰ্যটনঘাটৰ প্ৰকল্পস্থলীৰ সৈতে জড়িত বিভিন্ন দিশৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত “এক্ট ইষ্ট প’লিচী”ৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এতিয়া যাতায়াত-যোগাযোগ ব্যৱস্থা সুগম হৈ পৰিছে, যাৰ যোগেদি সমগ্ৰ অঞ্চলটোত সূচনা হৈছে উন্নয়নৰ এক ন-দিগন্ত। “প্ৰধানমন্ত্ৰী গতি শক্তি”ৰ অধীনত প্ৰস্তাৱিত উক্ত পদক্ষেপসমূহ ৰূপায়ণ হ’লে অসমৰ অৰ্থনৈতিক গতি অধিক ত্বৰান্বিত হোৱাৰ লগতে যুৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ পথো প্ৰশস্ত হ’ব বুলি জানিব দিয়ে। সেয়েহে এইক্ষেত্ৰত যাৱতীয় আন্তঃগাঁথনি গঢ় দিয়াত কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰ দিছে। তদুপৰি, ব্ৰহ্মপুত্ৰৰ বুকুত মজুত থকা বিভিন্ন পৰ্যটন সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ অত্যাধুনিক অন্বেষণৰদ্বাৰা অনাগত দিনত উপযুক্ত ব্যৱস্থাও গ্ৰহণ কৰা হ’ব। পৰিদৰ্শনকালত প্ৰাক্তন মখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বিষয়াসকল, অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদী তথা বিষয়াসকল, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক অনশুল গুপ্তা আৰু বিষয়াসকল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল