লাহৰীঘাটৰ মৰিতলীত নক্সাবন্দী আল মুজাদ্দিদি খলিফা হাচেন আলীৰ ৪১ দিনীয়া শ্ৰাদ্ধ অনুষ্ঠান

যোৱা নিশা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মৰিতলীত সত্যগুৰু শ্বাহ চুফি হজৰত মৌলানা হজৰত ইজ্জত উল্লাহ নক্সাবন্ধী আল  মুজাদ্দিদি বিলতীয়া চাহাবৰ অতি প্ৰিয় খলিফা হাচেন আলী নক্সাবন্দী আল মুজাদ্দিদিৰ যোৱা ১৪ চেপ্তেম্বৰত মৃত্যু হৈছিল। তাৰে মৃত্যুৰ ৪১ দিন পূর্ণ হোৱাত তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে মৃত হাচেন আলীৰ পৰিয়ালে যৌথভাবে আনুষ্ঠানিক ভাবে আদ্যশ্ৰাদ্ধৰ আয়োজন কৰে। সেই মৰ্মে নিশা মৃত হাচেন আলীৰ আত্মাৰ সদ্গতিৰ বাবে  গুণমুগ্ধ ভক্ত সকলৰ দ্বাৰা সামুহিক দোৱা, নক্সাবন্দীৰ ওপৰত আলোচনা ও জিকিৰ আদিৰ কাৰ্যসূচী সম্পন্ন কৰে। জানিব পৰা মতে মৃত হাচেন আলীৰ কবৰত এখন মাজাৰো স্হাপনৰ সিদ্ধান্ত লোৱা হৈছে বুলি পূত্র হাইদৰ আলী, ইছাহাক আলী আৰু মুশিদ আলীয়ে জনাইছে।

Related Articles