নগাঁৱত আৰক্ষীৰ গুলীত আহত মণিপুৰৰ দুধৰ্ষ ড্ৰাগছ মাফিয়া

নগাঁও আৰক্ষীৰ গুলীত আহত হৈছে মণিপুৰৰ দুধৰ্ষ ড্ৰাগছ মাফিয়া আৰ কে হপিনচন। জানিবপৰা মতে, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা এটা দলে দেওবাৰে নিশা প্ৰায় ১২.৩০বজাত গ্ৰেপ্তাৰ কৰিছিল আৰ কে হপিনচনক। ডিমাপুৰৰ পৰা নগাঁৱলৈ এখন এল্ট’ গাড়ীত আহি থকা আৰ কে হপিনচনল প্ৰায় ২কোটি টকাৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে। হপিনচনক নগাঁও ৭দিনৰ বাবে ন্যায়িক জিম্মাত লৈ আজি নিশা ননৈত অভিযান চলাবলৈ গৈছিল। কিন্তু ননৈৰ সমীপত হকিনচনে নগাঁও আৰক্ষীৰ জোৱান লক্ষেশ্বৰ বৰাক আক্ৰমণ কৰি পলায়ণৰ চেষ্টা কৰে। ইয়াৰ পিছতেই নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা দলটোৱে হকিনচনক ভৰিত গুলীয়াবলৈ বাধ্য হয়। ইতিমধ্যে আহত ড্ৰাগছ মাফিয়া হকিনচনৰ লগতে নগাঁও আৰক্ষীৰ জোৱান লক্ষেশ্বৰ বৰাক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মণিপুৰৰ সেনাপতি জিলাৰ বাসিন্দা হকিনচনে বিগত ৫বছৰে উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছৰ এক বৃহৎ সাম্ৰাজ্য চলাইছিল

Related Articles