হোজাই জিলা প্ৰশাসনৰ সতৰ্কতা সজাগতা সপ্তাহ পালন

সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো হোজাই জিলা প্ৰশাসনৰ উদ্যোগত ২৬ অক্টোবৰ তাৰিখৰ পৰা ১ নৱেম্বৰ লৈকে সতৰ্কতা সজাগতা সপ্তাহ,২০২১ পালন কৰা হ’ব। এই উপলক্ষে আজি উপায়ুক্তৰ কাৰ্যালয় কক্ষত সমবেত হোৱা বিষয়া, কৰ্মচাৰীক উপায়ুক্ত  অনুপম চৌধুৰীয়ে সতৰ্কতা সজাগতা সপ্তাহৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলোকে জনসাধাৰণৰ স্বাৰ্থত সততা, নিষ্ঠা আৰু  একাগ্ৰতাৰে নিজৰ কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনায়।তাৎপৰ্যপূৰ্ণ এই সতৰ্কতা সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া, কৰ্মচাৰী সকলে এক শপত গ্ৰহণ কৰে।

Related Articles