বজাৰত লাগিছে জুই ,যোগান মন্ত্ৰী আছে শুই আদি ধ্বনিৰে প্ৰতিদিনেই বিভিন্ন দল সংগঠনে ৰাজ্য খনৰ আকাহ বতাহ কপাই তোলাৰ সময়তে কেঁচা চাহ পাতৰ বজাৰ মুল্য দিনক দিনে হ্ৰাস পোৱাত ক্ষোভিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল ।দেৰগাঁও নগৰৰ সমিপৰ তেলিয়া সোনাৰী গাৱত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত গোলাঘাট উত্তৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এখনি সংবাদ মেলৰ আয়োজন কৰে ।প্ৰতিদিনেই খাদ্য সামগ্ৰীৰ দাম আকাশ লংঘী হৈ আছে যদিও কেচা চাহ পাতৰ দাম নিম্নগামী হোৱাত শংকিত হৈ সন্থাৰ বিষয় ববীয়াই সংবাদমেল যোগে ক্ষোভ প্ৰকাশ কৰে ।সংবাদ মেলত উপস্থিত থকা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি গোপাক কৃষ্ণ খাউণ্ডে কেচা চাহ পাতৰ দাম নিৰ্ধাৰণ কৰা বিভাগ বোৰ কাৰ নিৰ্দেশত উঠা বহি কৰি ৰাইজৰ তেজ শুহি খাইছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ।উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নিজ বিভাগ পৰিচালনা কৰাত চুড়ান্ত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে এই খেতিয়ক সকলে ।কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাটতেই কৃষক সকলৰ চৰম দুৰ্দশা ।নিজা পৰিশ্ৰমৰে গাৰ ঘাম মাটিত পেলাই চাহ খেতি কৰা কৃষক সকলে উচিত দামৰ পৰা বঞ্চিত হোৱাৰ লগতে সময় মতে পথাৰত দিব নোৱাৰে ইউৰিয়া সাৰ ।এই জিলাৰ পৰাই সাৰৰ ব্যাপক চিণ্ডিটেক হয় বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সংবাদ মেল খনত ।খুচুৰা দোকানীয়ে সাৰ ক্ৰয়ৰ বাবদ ‘আই ডি ‘ৰ প্ৰয়োজন হব বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে যদিও খুচুৰা দোকানীক ‘আই ডি’ প্ৰদানৰ নামত ভেকুভাওনা কৰি আহিছে বিভাগটোয়ে ।যাৰ ফলত ইউৰিয়া সাৰ নোহোৱাকৈয়ে কৰিব লগীয়া হৈছে খেতি ।উল্লেখযোগ্য যে যি সময়ত এক কেজি চাহ পাত নিম্নতম ৩০০ টকা দৰদ ক্ৰয় কৰিব লাগে এজন গ্ৰাহকে সেইসময়তে কিন্তু এজন খেতিয়কে আজিৰ তাৰিখত এক কেজি কেচা চাহ পাত বিক্ৰী কৰিব লগীয়া হৈছে ৭-৮ টকা দৰদ ।ইপিনে বগা হাতীত পৰিনত হল ভাৰতীয় চাহ বৰ্ড বুলি কটাক্ষ কৰে সংবাদমেল খনত ।কল ঘৰ সমুহে খেতিয়ক সকলক উচিত দাম দিবলৈ কোনো দিনেই কামনা নকৰে ।আনকি দিনটোত তিনিবাৰ পৰ্যন্ত্য কেচা চাহ পাতৰ দাম উঠা নমা কৰে একাংশ ব্যক্তিৰ নিজ খেয়াল খুচি মতে ।কল ঘৰৰ মালিকক নিয়ন্ত্ৰণ কৰিবৰ বাবে কোনো শক্তিৰ আজি পৰ্যন্ত জন্ম নহল এইখন অসমত ।এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এই কৃষক সকলৰ সমস্যা সমাধান কৰাৰ লগতে প্ৰাপ্য দাম নিৰ্ধাৰণ কৰিবৰ বাবে সংবাদ মেলৰ যৰিয়তে চৰকাৰলৈ দাবী জনাই সন্থাটোয়ে । আজিৰ সংবাদ মেলত গোলাঘাট উত্তৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি গকুল বৰা আৰু সম্পাদক বীৰেন হাজৰিকা, বিভূতি হাজৰিকা, বুবুল হাজৰিকা, পৰেশ হাজৰিকা, জিলা সমিতিৰ নবীন বৰুৱা, ৰিপুন হাজৰিকা আদি ব্যক্তি সকল উপস্থিত থাকে।উল্লেখযোগ্য যে সংবাদমেল খনত বাংলাদেশীতকৈও ভয়ংকৰ হৈ পৰিছে হিন্দী বলয়ৰ লোক সকল বুলি এক তাৎপৰ্য পুৰ্ন মন্তব্য প্ৰদান কৰে সন্থাৰ বিষয় ববীয়াই ।

