নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত বহু জৰাজীৰ্ণ বাট – পথে জনগণৰ বাবে মৃত্যু দূত স্বৰূপ হৈ পৰিছে । বিগত সময়চোৱাত এই বিধ্বস্ত পথ সমূহ নিৰ্মাণৰ দাবীত বিভিন্ন সংগঠনৰ লগতে ” বীৰ লাচিত সেনা , অসম ” ৰ নাজিৰা মহকুমা আৰু শিৱসাগৰ জিলা সমিতিয়ে বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে নাজিৰা সমষ্টিৰ বাট – পথকে ধৰি অন্যান্য ক্ষেত্ৰত উন্নয়নৰ দিশত বৈষম্যতাৰ বাবেই কোনো গুৰুত্বাৰূপ কৰা নাই । এই অভিযোগেৰে আজি ” বীৰ লাচিত সেনা , অসম ” ৰ নাজিৰা মহকুমা আৰু শিৱসাগৰ জিলা সমিতিয়ে সমষ্টিটোৰ আন আন পথ সমূহৰ লগতে বিশেষকৈ অতি বিধ্বস্ত ঐতিহাসিক নগা আলি , ঐতিহাসিক ৰমণী আলি , গড়মূৰ – চণ্টক সংযোগী ৰাজগড় পথ , লিগিৰী পুখুৰী খনিকৰ গাওঁ ঔগুৰি পথ , গেলেকী গোহাঁই বাৰী পথ , ঐতিহাসিক মেজেঙ্গা – বগীদল সংযোগী বাহগড় পথ , গেলেকী দোলাকাষৰীয়া ন – পাম বাৰুৱতী সংযোগী পথ বিজ্ঞান সন্মতভাৱে পুনৰ নিৰ্মাণৰ দাবীত লোক নিৰ্মাণ বিভাগৰ নাজিৰা আৰু আমগুৰি ক্ষেত্ৰীয় সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৰ প্ৰায় শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ” ৰাইজ আজি ৰাজপথত হিমন্তৰ কাম নাই , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ , লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ মুৰ্দাবাদ , বি জে পি নেৰ্তৃত্বাধীন চৰকাৰ হায় হায় , আছে হেংদাং লোৱা নাই – ললে হেংদাং ৰক্ষা নাই ” আদি বিভিন্ন প্ৰতিবাদী ধৰ্ণাৰে কাৰ্যালয়টোৰ কাম – কাজ অচল কৰি তোলে । পিছত সংগঠনটোৰ নাজিৰা মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া , সহকাৰী সম্পাদক দ্বয় উজ্জ্বল গগৈ আৰু কৃষ্ণ কান্ত কোৱৰৰ স্বাক্ষৰেৰে উক্ত পথসমূহ শীৰ্ঘ্ৰে নিৰ্মাণৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে দাবীসমূহ এমাহৰ ভিতৰত কাৰ্যকৰী নহলে লোক নিৰ্মাণ বিভাগৰ সংমণ্ডল কাৰ্যালয়টো অনিৰ্দিষ্ট কাললৈ তলা বন্ধ কৰা হ’ব বুলি সকীয়াই দিয়ে ।

