পুখুৰী গাঁও পঞ্চায়ত বন্ধ কৰি দিয়াৰ হুংকাৰ ছাত্ৰ মুক্তিৰ।

মাৰ্ঘেৰিটা বিধান সভাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পুৰণি পুখুৰী গাঁও পঞ্চায়তখনত বহুকেইটা দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে । উত্থাপিত অভিযোগ মতে পঞ্চায়তখনৰ গণ্ডীৰ ভিতৰত অৱস্থিত বৰডুমচা মাধৱপুৰ বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰখন জিলা পৰিষদৰ যোগে নিবিদা প্ৰদানেৰে আৱণ্টন দি কৰ সংগ্ৰহ প্ৰক্ৰিয়া চলি থকা স্বত্বেও তিনি বৰ্ষ জোৰা বজাৰ দিনা  স্থানীয় পুৰনি পুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ দ্বাৰা বজাৰখনৰ গৰু আৰু ছাগলী বজাৰত অতিৰিক্ত ভাৱে ৩০ শতাংশ কৰ সংগ্ৰহ কৰি আহিছে । বজাৰখনত পঞ্চায়তৰ যোগে সংগ্ৰহিত কৰি অহা উক্ত অবৈধ কৰৰ বৃহৎ ধন আৰু পঞ্চায়তখনলৈ অন্যান্য উৎসৰ পৰা সংগ্ৰহিত ধন ৰাইজৰ অজ্ঞাতে  ক’ত ক’ত ব্যৱহাৰ কৰিছে কিম্বা ক’ত জমা ৰাখিছে আদিবোৰ  তথ্য পঞ্চায়ত বাসীয়ে ৰাজহুৱা কৰিবলৈ সভানেত্ৰী গৰাকীক দাবী জনাই আহিছে যদিও সভানেত্ৰী গৰাকীয়ে কোনো কাণসাৰ নিদিয়া কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভানেত্ৰী গৰাকীৰ নেতৃত্বতে পঞ্চায়তৰ বিভিন্ন আঁ‌চনি সমূহত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ তুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে পঞ্চায়তৰ বিৰোদ্ধে গণতান্ত্ৰীক আন্দোলনৰ হুংকাৰ প্ৰদানেৰে আজি পঞ্চায়ত সচিৱলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । স্থানীয় মাৰ্ঘেৰিটাৰ বিধায়ক,তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সহকাৰী কাৰ্যবাহী বিষয়ালৈ প্ৰতিলিপি প্ৰেৰণ কৰা  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ  উক্ত পত্ৰত উল্লেখিত অভিযোগ অনুসৰি পুৰণি পুখুৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে পঞ্চায়তৰ যিকোনো চৰকাৰী আঁ‌চনি ৰূপায়ণত ৰাইজৰ অজ্ঞাতে কোনো সভা অনুষ্ঠিত নকৰাকৈ নিজাববীয়া সিধান্ত গ্ৰহণ কৰি নিজৰ আত্মীয় কুটুম্বক সুযোগ সুবিধা দি অহাৰ উপৰিও পঞ্চদশ বৃত্তীয় আয়োগৰ ধনেৰে নিৰ্মান কৰা মাধৱপুৰ সাপ্তাহিক বজাৰখনৰ নলা নিৰ্মাণ কাৰ্য বিভাগীয় কাৰিকৰী অনুমোদন লাভ কৰা আগতেই নিজ ইচ্চাকৃত ব্যক্তিক কামৰ দায়িত্ব অৰ্পনেৰে ধনৰ অংকত কাম সম্পাদনৰ প্ৰস্তুতিৰে কাম চলাই আহিছে । ইয়াৰোপৰি পঞ্চায়ত কতৃপক্ষৰ দুৰ্নীতিৰ বাবেই চতুৰ্থদশ বৃত্তীয় অয়োগৰ প্ৰায় ১০ লক্ষ্য ধনেৰে  মাধৱপুৰ কালী মন্দিৰৰ পৰা অৰুণাচলস্থিত সেনা চাউনি সমীপৰ পথত সংযুক্ত ২০০ মিটাৰ দৈৰ্ঘৰ ফেভাৰ ব্লকেৰে নিৰ্মাণ সম্পন্ন হোৱা পথটো নিৰ্মাণৰ ছয় মাহ নৌহওতেই বখলা বখলে এৰি যোৱা আদিবোৰ অভিযোগ আনি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় আঞ্চলিক গোটে পঞ্চায়তখনৰ সংঘটিত হৈ অহা অনিয়ম দুৰ্নীতিসমূহ বিভাগীয় উৰ্ধতম কতৃপক্ষই তদন্ত কৰি  উচিত ব্যৱস্থা লবলৈ দাবী উত্থাপন কৰিছে । উল্লে্যযোগ্য যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় আঞ্চলিক সমিতিৰ উপদেষ্টা গৌতম বৰুৱাই সংবাদ মাধ্যমৰ আগত অহা ৪৮ ঘণ্টাৰ ভিতৰত যদি স্মাৰক পত্ৰত উল্লেখ কৰা বিষয়ৰ লগত জঢ়িত বিষয়ৰ ওপৰত পুৰণি পুখুৰী গাওঁ পঞ্চায়তৰ কৰতৃপক্ষয় কোনো ব্যবস্থায নলয় পঞ্চায়তত তলা লগাই বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে।

Related Articles