ভাৰতীয় জনতা পাৰ্টি,বড়িগোগ বনভাগ মণ্ডলৰ সহযোগত নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাত আৰু নলবাৰী স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ঘগ্ৰাপাৰৰ তিনি গাঁও পঞ্চায়তত পৃথকে পৃথকে একোটা দিব্যাংগসকলক বাবে পৰীক্ষণ শিৱিৰ অনুষ্ঠিত হয়।ঘগ্ৰাপাৰ গাঁও পঞ্চায়তত অনুষ্ঠিত এই শিৱিৰটো মুকলি কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই। নেতাগৰাকীয়ে ভাষণত– বিজেপি চৰকাৰে ৰাইজৰ কাৰণে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ লগতে দিব্যাংগসকলৰ বাবেও বিশেষ গুৰুত্ব দিয়া বুলি সদৰী কৰে।অনুষ্ঠানটি ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা,কোষাধ্যক্ষ জয়ন্ত তালুকদাৰ, বাঘমাৰা বুথ বিজেপিৰ সভাপতি সভাপতি পুলেন কলিতা,সাধাৰণ সম্পাদক কিশোৰ ভৰালী,বিজেপি নেতা তথা শক্তি কেন্দ্ৰ আহ্বায়ক চামচুল আলীনলবাৰী স্বাস্থ্য বিভাগৰ কেবাগৰাকীয়ে অভিজ্ঞ সম্পন্ন ডাক্তৰে অংশগ্ৰহণ কৰে ।ইফালে ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ বনভাগ গাঁও পঞ্চায়তত ৬০ গৰাকী আৰু খাতিকুছি গাঁও পঞ্চায়তত ৪০ গৰাকী দিব্যাংগক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গৰমৰ বতৰত আমৰ ঔষধি গুণৰ বিষয়ে জানক…
- কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…
- সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…
- হাৰিয়ানাত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…