নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষা খন্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় একাংশত আন্তঃ গাঠনিৰ অভাৱকে ধৰি ছাত্র -ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ হোৱাৰ অভিয়োগ উঠিছে। একোখন বিদ্যালয়ৰ আন্তঃগাঠনি ইমানে দুৰ্বল হৈ পৰিছে যে পুৰণি বিদ্যালয় গৃহৰ পকী বেৰ ,টিনপাত আদি খহি কণ কণ ছাত্র ছাত্ৰীসকলক বিপদ পেলোৱা উপক্ৰম হৈছে। আনহাতে একোখন বিদ্যালয়ত ছাত্ৰ -ছাত্রী অনুপাতে শিক্ষক নিযুক্তি নোহোৱাত শৈক্ষিক পৰিৱেশ ও বিনষ্ট হোৱাৰ অভিযোগ উঠিছে। তেনে এক উদাহৰণ হল — বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষা খণ্ডটোৰ অন্তৰ্গত ভিঠা প্ৰাথমিক বিদ্যালয় । ১৯২১ চনতে স্থাপিত শতবৰ্ষ গৰকা বিদ্যালয়খনৰ আন্তঃ গাঠনি অতি দুৰ্বল হৈ পৰা দেখা গৈছে। এই শিক্ষানুষ্ঠানখনৰ আওপুৰণি গৃহত কণ কণ ছাত্ৰ -ছাত্ৰীসকল পাঠদান নিদি ইয়াৰে সমীপতে থকা দুটা কোঠালী যুক্ত গৃহত ছয়টা কৈ শ্ৰেণীৰ প্ৰায় ৯০ গৰাকী শিক্ষাৰ্থীসকলক কোনো মতে পাঠদান দি আহিছে – বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। ইফালে পুৰণি জৰাজীৰ্ণ গৃহটো যিকোনো মুহূৰ্ততে ফাট মেলা বেৰ আৰু কাঠ,টিনপাত খহি পৰি হঠাৎ অঘটন যে ঘটিব পাৰে তাৰ দৃশ্য প্ৰত্যক্ষ কৰিলে অনুমান কৰিব পাৰি। শিক্ষানুষ্ঠানখনৰ বিদ্যালয় গৃহৰ এনে অৱস্থা দেখাৰ পিছতো শিক্ষা বিভাগে চকু মুদা কুলিৰ ভাও লোৱাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে ১৯২১ বৰ্ষতে স্থাপিত শিক্ষানুষ্ঠানখনত প্ৰতিটো নিৰ্বাচনত ভোট কেন্দ্ৰ স্থাপন কৰি আহিছে যদিও আজি পৰ্য্যন্ত পুনঃ নিৰ্মাণতো দূৰৰৈ কথা প্ৰয়োজনীয় আন্তঃ গাঠনি, বিজ্ঞান সন্মত শৌচাগাৰ ধৰি অন্যান্য সমস্যাত পৰিছে যদিও শিক্ষা বিভাগে বিদ্যালয়খনৰ এই সমস্যা সমুহ সমাধানত মুঠেই গুৰুত্ব প্ৰদান নকৰাত স্থানীয় দল -সংগঠনকে ধৰি বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যালয়খনৰ সমস্যাসমুহ শীঘ্ৰে পুৰন কৰাৰ বাবে চৰকাৰক দাবী জনাইছে। এই ক্ষেত্ৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। লগতে চৰকাৰী অসমীয়া মাধ্যমৰ অতি পুৰণি শিক্ষানুষ্ঠানখনৰ বিদ্যালয় গৃহৰ সমস্যা দুৰ কৰিবলৈ অসম চৰকাৰ তথা শিক্ষা বিভাগৰ বিভাগী কৰ্তৃপক্ষক দাবী জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…
- কলপাতত প্ৰসাদ আগবঢ়াওক, দৰিদ্ৰতা দূৰ হ’ব! জানি লওক নিয়ম…
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…